দৰং, ১১ মাৰ্চ :ঐতিহাসিক অসম আন্দোলন মঙলদৈৰ পৰাই আৰম্ভ হৈছিল । এইবাৰ অন্যায়ভাৱে বৃদ্ধি কৰা পৌৰ কৰৰ বিৰুদ্ধেও মঙলদৈৰ পৰাই আৰম্ভ হ'ব আন্দোলনৰ (municipality tax hike protest in mangaldai) । এইদৰে কয় মঙলদৈ চহৰৰ জ্যেষ্ঠ নাগৰিক তথা সমাজ সেৱক আনোৱাৰ হুছেইনে । শনিবাৰে মঙলদৈ সনাতন ধৰ্মসভা প্ৰাঙ্গণত বৰ্ধিত পৌৰ কৰৰ বিৰুদ্ধে অনুষ্ঠিত নাগৰিক সভাত বক্তব্য আগবঢ়াই হুছেইনে এনে অস্বাভাৱিক হাৰত বৰ্ধিত কৰ কোনো কাৰণতে দিব নোৱাৰি বুলি কয় (Mangaldai municipality board raises tax) ।
বিশিষ্ট নাগৰিক ভদ্ৰকান্ত শৰ্মাৰ সভাপতিত্বত আৰু অমৰজিৎ শাণ্ডিল্যই আৰম্ভণি কৰা সভাখনত বক্তব্য আগবঢ়াই বয়োজেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ফুলেন্দ্ৰ নাথ চহৰীয়াই কয় যে চৰকাৰে হঠাতে নাগৰিকৰ ওপৰত জাপি দিব বিচৰা এনে কৰৰ বোজা এক অন্যায় (mangaldai civil society protest against municipality tax hike) । ইয়াৰ ফলত সাধাৰণ নাগৰিকৰ দূৰৈৰে কথা, মধ্যবিত্ত শ্ৰেণীৰো পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । চৰকাৰে এই বৰ্ধিত কৰ বাতিল কৰিব লাগে । দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে নাগৰিক সভাত বক্তব্য আগবঢ়াই বৰ্ধিত মাচুল এক অন্যায় বুলি কয় ।
"পৌৰ নাগৰিক হিচাবে আমি পৌৰ কৰ দিবলৈ সাজু আৰু পূৰ্বৰে পৰা দি আহিছোঁ । কিন্তু হাজাৰ গুণ বৃদ্ধি কৰাটো সমীচিন হোৱা নাই ।" তেওঁ কয় । প্ৰমোদ চন্দ্ৰ শৰ্মাই আঁত ধৰা সভাখনত অধিবক্তা যুগল শইকীয়া, সদানন্দ ডেকা, চন্দ্ৰ কুমাৰ বৰুৱা, সৈত্যেন বসাক, বিশিষ্ট নাগৰিক শম্ভু দেৱনাথে বক্তব্য আগবঢ়াই বৰ্ধিত পৌৰ কৰৰ বিৰোধিতা কৰে (civil society protest in mangaldai) । পিছত সভাই সৰ্বসন্মতিক্ৰমে বৰ্ধিত কৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ।