অসম

assam

ই টিভি ভাৰতৰ প্ৰভাৱঃ অল্পনাক সহায় কৰিব বহুলোকে

By

Published : Jun 4, 2020, 9:32 PM IST

ই টি ভি ভাৰতত প্ৰকাশ হোৱাৰ পাছতেই বৃহস্পতিবাৰে কিশোৰীগৰাকীৰ ঘৰত উপস্থিতি হয় বিধায়ক গুৰুজ্যোতি দাসৰ লগতে আন্তঃমঙলদৈ ছাত্ৰ সন্থা,বিশিষ্ট সমাজ কৰ্মী পিংকু মনি দাস ৷ অল্পনা বৰুৱাৰ শিক্ষাৰ খৰছ বহন কৰাৰ দায়িত্ব গ্ৰহণ কৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ লগতে বিশিষ্ট সমাজকৰ্মী পিংকু মনি দাসে ৷

Mangaldai AASU and Pinku moni das financially helped to Alpana baruah
অল্পনাৰ সহায়ৰ বাবে আগুৱাই আহিল বিধায়কৰ লগতে সমাজকৰ্মী

মঙলদৈ, 4 জুন : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ মঙলদৈৰ অন্তৰ্গত 2 নং কলনীৰ অল্পনা বৰুৱাৰ শিক্ষাৰ খৰছ বহন কৰাৰ দায়িত্ব গ্ৰহণ কৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ লগতে বিশিষ্ট সমাজকৰ্মী পিংকু মনি দাসে ৷ লগতে যুৱতীগৰাকী আৰু পৰিয়ালটোক খাদ্য সামগ্ৰীও প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে ৷ ইয়াৰোপৰি মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে দৰিদ্ৰ পৰিয়ালটোক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে এটি চৰকাৰী আৱাস গৃহ প্ৰদানৰো আস্বাস দিয়ে ৷

অল্পনাৰ সহায়ৰ বাবে আগুৱাই আহিল বিধায়কৰ লগতে সমাজকৰ্মী

লগতে পঢ়কঃ ৰ'দ-বৰষুণ নেওচি পৰিয়ালৰ দায়িত্ব বহনত ব্যস্ত এগৰাকী কিশোৰী

উল্লেখ্য যে,অল্পনা বৰুৱা নামৰ এই কিশোৰীগৰাকীৰ পিতৃ বিশেষভাৱে সক্ষম ৷ মাতৃও আক্ৰান্ত কোনো জটিল ৰোগত ৷ পিতৃয়ে ঠেলা চলাই ঘৰখন পোহ পাল দিছিল যদিও এক দুৰ্ঘটনাত পতিত হোৱাৰ পিচৰে পৰা ঘৰখন আৰ্থিকভাৱে জুৰুলা হৈ পৰে ৷ যাৰ ফলত ঘৰখনৰ সমস্ত দায়িত্ব সম্প্ৰতি আহি পৰে অল্পনাৰ কান্ধত ৷ এই বাতৰি ই টি ভি ভাৰতত প্ৰকাশ হোৱাৰ পাছতেই বৃহস্পতিবাৰে কিশোৰীগৰাকীৰ ঘৰত উপস্থিতি হয় বিধায়ক গুৰুজ্যোতি দাসৰ লগতে আন্তঃমঙলদৈ ছাত্ৰ সন্থা, বিশিষ্ট সমাজ কৰ্মী পিংকু মনি দাস ৷

লগতে চাওকঃ বাঘজান তৈলখাদ ঘেৰাও কৰিলে উত্তেজিত ৰাইজে

ABOUT THE AUTHOR

...view details