দৰং, 17 চেপ্তেম্বৰ: ব্যক্তিগত ফাইনেঞ্চ কোম্পানীৰ সহায়ত ই এম আইৰ জড়িয়তে মবাইল ফোন ক্ৰয় কৰি এতিয়া বিপদত পৰিছে এজন লোক ৷ ব্যক্তিজনৰ অভিযোগ, ঋণ পৰিশোধ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতো ব্যক্তিগত কোম্পানীটোৱে তেওঁৰ বেংক একাউন্টৰ পৰা কৰ্তন কৰি আছে টকা ৷ দেৱান মুকুট ৰহমান নামৰ ভুক্তভোগী লোক গৰাকীয়ে কয় যে 2019 চনৰ ডিচেম্বৰ 11 তাৰিখে বাজাজ ফাইনেঞ্চৰ পৰা ই এম আইৰ জড়িয়তে তেওঁ এটা মবাইল ফোন ক্ৰয় কৰিছিল ৷ লোকজনৰ অভিযোগ, চুক্তি অনুযায়ী ডাউন পেমেন্ট দিয়াৰ পিছতো প্ৰতিষ্ঠানটোৱে মাহে দুই তিনিবাৰ তেওঁৰ একাউন্টৰ পৰা 200 ৰ পৰা 300 টকাকৈ কৰ্তন কৰে ৷
ই এম আইৰ জড়িয়তে মবাইল ক্ৰয় কৰি বিপদত গ্ৰাহক
ই এম আইৰ জড়িয়তে মবাইল ফোন ক্ৰয় কৰি এতিয়া বিপদত এজন গ্ৰাহক ৷ এটা ব্যক্তিগত ফাইনেঞ্চ কোম্পানীৰ সহায়ত ই এম আইৰ জড়িয়তে মবাইল ফোন ক্ৰয় কৰিছিল লোকজনে ৷ লোকজনৰ অভিযোগ, ঋণ পৰিশোধ সম্পূৰ্ণ হোৱাৰ পিছতো প্ৰতিষ্ঠানটোৱে তেওঁৰ একাউন্টৰ পৰা ধন কৰ্তন কৰি আছে ৷
চলিত বৰ্ষৰ 2 জুনত ঋণ পৰিশোধ সম্পূৰ্ণ হোৱাত বাজাজ ফাইনেঞ্চৰ পৰা এন অ' চি প্ৰদান কৰাৰ পিছতো ধন কৰ্তন প্ৰক্ৰিয়া বন্ধ নোহোৱাৰ অভিযোগ ৰহমানৰ ৷ ইতিমধ্যে বহুবাৰ কোম্পানীটোৰ কাৰ্যালয়লৈ তাঁতবাতি কৰাৰ লগতে কোম্পানীটোৱে লোকজনৰ পৰা মৌখিক ভাৱে ক্ষমা বিচৰাৰ কথাও লোকজনে সাংবাদিকৰ আগত ব্যক্ত কৰে ৷ ৰহমানৰ দাবী কেৱল তেওঁৰে নহয়, আন বহুজনৰ পৰা এনেদৰে কোম্পানীটোৱে ধন সৰকাই আহিছে ৷ ইফালে এই সম্পৰ্কে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰতিষ্ঠানটোৰ এগৰাকী বিষয়াই বেংক কৰ্তৃপক্ষক দায়ী কৰি গা সৰা মন্তব্য দিয়াহে পৰিলক্ষিত হ'ল ৷
লগতে পঢ়ক: জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে বাইহাটাৰ এখন পশু চিকিৎসালয়
TAGGED:
Bajaj