ছিপাঝাৰ,6 ছেপ্টেম্বৰ:জালনোটৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান(Counterfeit note making machine seized)৷ দৰঙৰ ছিপাঝাৰৰ শিঙিমাৰীত ছিপাঝাৰ আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে বহু আপত্তিজনক সামগ্ৰী ৷
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় শিঙিমাৰীৰ গুল মহম্মদ নামৰ এজন লোকৰ ঘৰত ৷ মহম্মদৰ ঘৰৰ পৰাই উদ্ধাৰ হয় জালনোট বনোৱা মেচিনৰ লগতে ইয়াৰ সৈতে জড়িত বহু সা-সৰঞ্জাম ৷
ছিপাঝাৰত জালনোট বনোৱা সামগ্ৰীসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ লগতে অভিযানকালত জব্দ কৰা হয় তিনিখন বিলাসী বাহন আৰু দুখন মটৰ চাইকেল ৷ দীৰ্ঘদিন ধৰি গুল মহম্মদৰ ঘৰত জালনোটৰ বেহা চলি অহাৰ অভিযোগ ৷ আৰক্ষীয়ে আটক কৰে গুল মহম্মদ ওৰফে নিকু আৰু মহিৰুদ্দিন আলি নামৰ লোক দুজনক ৷
অধিক তথ্যৰ বাবে ধৃত লোক দুজনক জেৰা অব্যাহত ৰাখিছে ছিপাঝাৰ আৰক্ষীয়ে
লগতে পঢ়ক:দিল্লীত কুখ্যাত গাড়ী চোৰ অনিল চৌহানক গ্ৰেপ্তাৰ