দৰং,২০ ফেব্ৰুৱাৰীঃপুলৱামা কাণ্ডৰ পাচৰে পৰা দেশত পাকিস্তান বিৰোধী জোৱাৰ উঠিছে । যাৰ ফলত তৎপৰ হৈছে চৰকাৰ তথা প্ৰশাসন । থিক এনে সময়তে ছ'চিয়েল মিডিয়াত ভাৰত বিৰোধী মন্তব্য প্ৰচাৰ কৰি মঙলবাৰে দলগাঁওত আটক হ'ল এজন । আৰক্ষীয়ে জনোৱা অনুসৰি আটক হোৱা যুৱকজন দলগাঁওথানাৰ চকাৰ বস্তিৰ আহেজুদ্দিন আহমেদ ।
ফেচবুকত বিতৰ্কিত প'ষ্ট দি ৰঙা ঘৰৰ আলহী এজন
আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰে আহেজুদ্দিনক
ধৃত আহেজুদ্দিন
উল্লেখ্য যে আহেজুদ্দিনে ফেচবুকত পাকিস্তান জিন্দাবাদ, প্ৰধান মন্ত্ৰী মুর্দাবাদৰ লগতে কিছুমান ভাৰত বিৰোধী মন্তব্য কৰিছিল ।যাৰ বাবে আৰক্ষীয়ে ধৃত আহেজুদ্দিনক আটক কৰি এক গোচৰ ৰুজু কৰি দলগাঁওথানাত সোধাপোছা অব্যাহত ৰাখিছে ।
=