অসম

assam

ETV Bharat / state

মাদ্ৰাছাত কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিয়া নহয়ঃ অসম জমীয়ত

শিক্ষামন্ত্ৰীৰ চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধলৈ প্ৰতিক্ৰিয়া প্ৰকাশ দলগাঁৱৰ মাদ্ৰাছাৰ শিক্ষকৰ ৷ আনহাতে, কোনো কাৰণতে মাদ্ৰাছা বন্ধ হ'ব নিদিয়ে বুলি মন্তব্য জমীয়তৰ । লগতে মাদ্ৰাছাত কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিয়া নহয় বুলি কলে অসম জমীয়তৰ সম্পাদক ফজলুল কৰিমে ।

অসম জমীয়ত
মাদ্ৰাছাত কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিয়া নহয়ঃ অসম জমীয়ত

By

Published : Feb 15, 2020, 6:37 PM IST

দলগাঁও, ১৫ ফেব্ৰুৱাৰীঃঅসমত শীঘ্ৰেই বন্ধ হ'ব চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ৷ কিন্তু শিক্ষামন্ত্ৰীৰ এই ঘোষণাক পুনৰ বিবেচনাৰ আহ্বান দলগাঁৱৰ মাদ্ৰাছাৰ শিক্ষকৰ । ১৯৫০ চনত স্থাপিত দৰঙৰ দলগাও সমষ্টিৰ কুঁৱৰী পুখুৰীত চিনিয়ৰ মাদ্ৰাছাৰ মৰ্মাহত হৈ পৰা শিক্ষক সকলে কয় -মাদ্ৰাছাত ধৰ্মীয় শিক্ষা নহয়, চেবাৰ অধিনত থকা বিষয়ত ওপৰত বিভিন্ন মাদ্ৰাছাৰ লগতে কুঁৱৰী পুখুৰী চিনিয়ৰ মাদ্ৰাছাত শিক্ষা দিয়া হয় । অসমীয়া, হিন্দী, ইংৰাজী, গনিত, কম্পিউটাৰ, সমাজবিদ্যাকে আদি কৰি সকলো বিষয়তে শিক্ষা দিয়া হয় মাদ্ৰাছাত । যুগ যুগ ধৰি চলি অহা এই মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ পৰিদৰ্শন কৰি বাস্তৱ ছবি চাই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় শিক্ষক সকলে ।

মাদ্ৰাছাত কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিয়া নহয়ঃ অসম জমীয়ত

উল্লেখ্য যে, বিগত 5 ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল অসমত বন্ধ হ'ব চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ ৷ আগন্তুক ৪-৫ মাহৰ ভিতৰত মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ কথা সদৰি কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ দল-সংগঠনে ।

আৰু পঢ়কঃ ছ'চিয়েল মিডিয়াৰ এটা ভাইৰেল ভিডিঅ':দক্ষতা এটি কণমানিৰ

মঙলদৈ, 15 ফেব্ৰুৱাৰীঃমঙলদৈত মাদ্ৰাছা-সংস্কৃত টোল বন্ধৰ বিৰুদ্ধে অসম জমীয়ত । কোনো কাৰণতে মাদ্ৰাছা বন্ধ হ'ব নিদিয়ে বুলি মন্তব্য জমীয়তৰ । লগতে মাদ্ৰাছাত কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিয়া নহয় বুলি কলে অসম জমীয়তৰ সম্পাদক ফজলুল কৰিমে । সংস্কৃত টোল বন্ধৰো প্ৰতিবাদ কৰে সম্পাদক গৰাকীয়ে । মাদ্ৰাছা বা টোল বন্ধৰ ঘোষণাৰ জৰিয়তে CAA ৰ বিৰুদ্ধে হৈ থকা আন্দোলনক প্ৰতিহত কৰাৰ এক প্ৰয়াস বুলিও অনুমান কৰে সম্পাদক ফজলুল কৰিমে । কাৰণ এই ঘোষণা একমাত্ৰ মন্ত্ৰী গৰাকীৰ । এই বিষয়ত কেবিনেটত কোনো ধৰণৰ আলোচনাই হোৱা নাই । লগতে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰি থাকিলে অহা নিৰ্বাচনত দিল্লীৰ দৰে পৰিণাম হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সম্পাদক গৰাকীয়ে ।

আৰু পঢ়কঃ ফিল্ম ফেয়াৰ এৱাৰ্ডক লৈ প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details