অসম

assam

ETV Bharat / state

স্বনিৰ্ভৰশীলতাৰ বাট মুকলি কৰাৰ উদ্দেশ্যৰে দৰঙত শিপিনীক তাঁতশাল বিতৰণ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

হস্তশিল্পৰ জড়িয়তে মহিলাৰ আয় সুনিশ্চিত কৰাৰ উদ্দেশ্যে দৰঙত শিপিনীক তাঁতশাল বিতৰণ ৷ দৰং জিলাৰ সৈনিক ভৱনত জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত শিপিনীসকলক উৰামাকো তাঁতশালৰ লগতে অন্যান্য সা-সৰঞ্জাম বিতৰণ ৷

দৰঙত শিপিনীক তাঁতশাল বিতৰণ
দৰঙত শিপিনীক তাঁতশাল বিতৰণ

By

Published : Oct 7, 2020, 1:40 PM IST

দৰং, 7 অক্টোবৰ: হস্তশিল্পৰ জড়িয়তে মহিলা সকলৰ বাবে স্বনিৰ্ভৰশীলতাৰ বাট মুকলি কৰাৰ উদ্দেশ্যে দৰঙত একাংশ শিপিনীক তাঁতশাল আৰু অন্যান্য সা-সঁজুলি বিতৰণ ৷ শিপিনী সকলৰ আয়ৰ পথ সুনিশ্চিত কৰাৰ উদ্দেশ্যে মঙলবাৰে 'ইনকাম জেনেৰেশ্বন ইন্টাৰভেনশ্বন টো উইভাৰচ' শীৰ্ষক আঁচনিখনৰ অধীনত শিপিনী সকলক উৰামাকো তাঁতশালৰ লগতে অন্যান্য সা-সঁজুলি বিতৰণ কৰা হয় ৷ জিলা ভিত্তিক এখন সমিতিয়ে জিলাখনৰ মুঠ 114 গৰাকী শিপিনীক এই আঁচনিৰ বাবে হিতাধিকাৰী হিচাপে নিৰ্বাচন কৰিব ৷ ইয়াৰে 6 গৰাকী শিপিনীক মঙলবাৰে আনুষ্ঠানিকভাৱে তাঁতশাল বিতৰণ কৰে ৷

স্বনিৰ্ভৰশীলতাৰ বাট মুকলি কৰাৰ উদ্দেশ্যে শিপিনীক তাঁতশাল বিতৰণ

জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত সৈনিক ভৱনত আয়োজিত এই তাঁতশাল বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰাৰ লগতে সমাজকৰ্মী নীলিমা দেৱী, প্ৰতাপ বৰদলৈ আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক উৎপল শৰ্মা ৷ অনুষ্ঠানটিত উপস্থিত থাকি বিধায়ক গুৰুজ্যোতি দাসে কয় যে, অসমৰ গ্ৰাম্য সমাজত মহিলাসকলে মেখেলা-চাদৰ, গামোচা আদি বৈ বিক্ৰি কৰি আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাক বাস্তৱায়িত কৰাৰ বাবেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে এই আঁচনি হাতত লৈছে ৷

জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এনে প্ৰচেষ্টাক এতিয়া সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়ক:বিপিএফে আন্দোলনৰ নামত নাটক কৰিছেঃ ইউ.পি.পি.এল

ABOUT THE AUTHOR

...view details