অসম

assam

ETV Bharat / state

কংগ্ৰেছ কা হাত দালালো কী সাথঃ দিলীপ শইকীয়া - Etv Bharat Assam

কংগ্ৰেছৰ কটা হাত, চুৰি কৰা হাতক মঙলদৈ সমষ্টিৰ পৰা চিৰ বিদায় দিয়াৰ কাৰণে সৰ্বসাধাৰণক আহ্বান জনায় ৷ বিজেপিৰ প্ৰাৰ্থীজনে কয় যে বিভিন্ন জাতি জনগোষ্ঠী, ভাষা-ভাষী তথা সকলো ধৰ্মাৱলম্বী লোকৰ সম অধিকাৰ, সম বিকাশ, সম-মৰ্যদা প্ৰতিষ্ঠাৰ বাবে মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷

কংগ্ৰেছ কা হাত দালালো কী সাথ: দিলীপ শইকীয়া

By

Published : Mar 29, 2019, 4:02 AM IST

Updated : Mar 29, 2019, 4:26 AM IST

মঙলদৈ, 29 মাৰ্চ:লোকসভা নিৰ্বাচনক লৈ তুংগত উঠিছে শাসক বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ বৃহস্পতিবাৰে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়াত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ চলায় ৷ শইকীয়াই সভাত কংগ্ৰেছ কা হাত দালালো কী সাথ বুলি উল্লেখ কৰি বিৰোধী দলটোক ক্ষুৰধাৰ সমালোচনা কৰে ৷ লগতে কংগ্ৰেছৰ কটা হাত, চুৰি কৰা হাতক মঙলদৈ সমষ্টিৰ পৰা চিৰ বিদায় দিয়াৰ কাৰণে সৰ্বসাধাৰণক আহ্বান জনায় ৷

কংগ্ৰেছ কা হাত দালালো কী সাথ:দিলীপ শইকীয়া
বিজেপিৰ প্ৰাৰ্থীজনে কয় যে বিভিন্ন জাতি জনগোষ্ঠী, ভাষা-ভাষী তথা সকলো ধৰ্মাৱলম্বী লোকৰ সম অধিকাৰ, সম বিকাশ, সম-মৰ্যদা প্ৰতিষ্ঠাৰ বাবে মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷ সংখ্যালঘু-সংখ্যাগুৰুৱে মিলি ভাৰতক বিশ্বগুৰু কৰিব লাগিব ৷ ইয়াৰ বাবে তেওঁ জনতাক পুনৰবাৰ বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনায় ৷
Last Updated : Mar 29, 2019, 4:26 AM IST

ABOUT THE AUTHOR

...view details