অসম

assam

ETV Bharat / state

খাৰুপেটীয়াত হাজাৰ টকাৰ পাচলি আৰু মাছ "Dumping Ground" ত পেলালে প্ৰশাসনে - Lockdown Violation in kharupetia

খাৰুপেটীয়া সমীপৱৰ্তী খেতাৰশ্বৰ গাঁৱৰ জি এন বি ৰোডৰ পদপথত একাংশ ব্যৱসায়ীয়ে পাচলিৰ বজাৰ দিয়াৰ ফলত উক্ত স্থানত বহু লোকৰ সমাগম হয় ৷ বিভিন্ন ধৰণৰ পাচলি আৰু মাছেৰে ভৰি পৰা বজাৰখনত গ্ৰাহক আৰু বিক্ৰেতাই ভিৰ কৰাত দৰঙৰ কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত খাৰুপেটীয়া আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে উক্ত স্থানত অভিযান চলাই বেপাৰী আৰু স্থানীয় গ্ৰাহকসকলক খেদাই পঠায় ।

Lockdown Violation in kharupetia
খাৰুপেটীয়াত হাজাৰ টকাৰ পাছলি আৰু মাছ "Dumping Ground" ত পেলালে প্ৰশাসনে

By

Published : May 14, 2020, 11:45 AM IST

খাৰুপেটীয়া, 13 মেঃ বুধবাৰে দৰঙৰ খাৰুপেটীয়াত হাজাৰ টকাৰ পাচলি আৰু মাছ "Dumping Ground" ত পেলাই প্ৰশাসনে ৷ জানিব পৰা মতে, খাৰুপেটীয়া সমীপৱৰ্তী খেতাৰশ্বৰ গাঁৱৰ জি এন বি ৰোডৰ পদপথত একাংশ ব্যৱসায়ীয়ে পাচলিৰ বজাৰ দিয়াৰ ফলত উক্ত স্থানত বহু লোকৰ সমাগম হয় ৷

খাৰুপেটীয়াত হাজাৰ টকাৰ পাচলি আৰু মাছ "Dumping Ground" ত পেলালে প্ৰশাসনে

বিভিন্ন ধৰণৰ পাচলি আৰু মাছেৰে ভৰি পৰা বজাৰখনত গ্ৰাহক আৰু বেপাৰীয়ে ভিৰ কৰাত দৰঙৰ কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত খাৰুপেটীয়া আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে উক্ত স্থানত অভিযান চলাই বেপাৰী আৰু স্থানীয় গ্ৰাহকসকলক কেদাই পঠায় । আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লাঠিৰ কোবৰ ভয়ত পদ পথতে পাচলি , মাছ দগা- পাল্লা এৰি সকলো পলায়ন কৰে ।

লগতে পঢ়ক: কন্টেইনমেন্ট কৰা নহয় সমগ্ৰ গুৱাহাটী মহানগৰ : হিমন্ত বিশ্ব শৰ্মা

আনকি নগদ ধন এৰি পলাবলৈ বাধ্য হয় কৃষক আৰু বেপাৰীসকল । ফলত পদপথতে পৰি থকা কুইন্টলে কুইন্টলে পাচলি আৰু হাজাৰ হাজাৰ টকাৰ সৰু ডাঙৰ মাছ ৷ প্ৰশাসনে পৌৰ কৰ্মীৰ সহায়ত সকলো সামগ্ৰী ট্ৰেক্টৰৰ সহায়ত নষ্ট কৰি Dumping Ground পেলাই দিয়ে । ইয়াৰ ফলত শতাধিক কৃষকৰ লগতে মাছ আৰু পাচলি ব্যবসায়ীৰ হাজাৰ টকা লোকচান হয় ।

ABOUT THE AUTHOR

...view details