দৰং, 11 মে' :সমগ্ৰ বিশ্বজুৰি কৰ'ণাই আতংকৰ সৃষ্টি কৰাৰ সময়তে একাংশ লোকে বৰ্তমানেও সজাগ হোৱা পৰিলক্ষিত হোৱা নাই ৷ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ অন্তত নীতি-নিয়ম কিছু পৰিমানে শিথিল হোৱাৰ পিছত মংগলদৈত একাংশ লোকে লক্ ডাউন ভংগ কৰি অনাহকত বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷
চহৰখনৰ এল এন বি ৰোডত ব্যাপক যান-জঁটৰ সৃষ্টি হোৱাৰ উপৰিও বেংকৰ সন্মুখত কোনো ধৰণৰ নীতি-নিয়ম নামানি গ্ৰাহকৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ৷