বঙাইগাঁও, 21 জুন : আনাৰস উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰা বঙাইগাৱঁৰ এখন বিশেষ গাঁও ৷ বঙাইগাঁও জিলাৰ "নিগম ঘোলা" গাৱঁৰ খেতিয়ক সকলে আনাৰস বিক্ৰী কৰি প্ৰতি বছৰে উপাৰ্জন কৰে প্ৰায় তিনি কোটি টকা ৷ বঙাইগাৱঁৰ উপৰিও সমগ্ৰ নামনি অসম তথা গুৱাহাটীলৈ ট্ৰাকে ট্ৰাকে আনাৰস ৰপ্তানী কৰে এই গাঁওখনৰ খেতিয়ক সকলে ৷ গাৰো জনোগোষ্ঠী প্ৰধান এই খন গাঁৱৰ খেতিয়ক ৰাইজে পাহাৰত বিঘাই বিঘাই কৰে আনাৰসৰ খেতি ৷ কিন্তু এইবৰ্ষত গাঁওখনত দেখা গৈছে এখন ওলোটা ছবি ৷
উল্লেখ্য যে, এই বছৰ কৰ'ণা ভাইৰাছৰ বাবে গাঁও খনত সোমাবলৈ দিয়া হোৱা নাই বেপাৰী ৷ যাৰ বাবে বহু সমস্যাত পৰিছে খেতিয়ক সকল ৷ বেপাৰীৰ অভাৱত ঙাইগাৱঁৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে সুস্বাদ্য আনাৰস বিক্ৰী কৰিছে খেতিয়ক সকলে ৷