দৰং, ৪ মে ': তৃতীয় পৰ্যায়ৰ লক ডাউনৰ আজি প্ৰথম দিন । কিন্তু এই তৃতীয় পৰ্যায়ৰ লক ডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে অসমত । এই শিথিলতাৰ সুযোগ লৈ মঙলদৈ বজাৰত সোমবাৰে ভিৰ কৰে একাংশ ৰাইজে । তাৰোপৰি চৰকাৰে বান্ধি দিয়া নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন একাংশ ব্যৱসায়ীৰ । কোনো ধৰণৰ নীতি-নিয়ম নামানি প্ৰায় সকলো দোকান খুলিছে ব্যৱসায়ীসকলে ।
লক্ ডাউনঃ মংগলদৈত চৰকাৰে বান্ধি দিয়া নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন একাংশ ব্যৱসায়ীৰ - অসম
সোমবাৰৰ পৰা অসমত কিছু পৰিমাণে শিথিল কৰা হৈছে লক ডাউন । এই শিথিলতাৰ সুযোগ লৈ মঙলদৈ বজাৰত সোমবাৰে ভিৰ কৰে একাংশ ৰাইজে । তাৰোপৰি চৰকাৰে বান্ধি দিয়া নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন একাংশ ব্যৱসায়ীৰ ।
lock down: মংগলদৈত চৰকাৰে বান্ধি দিয়া নীতি-নিয়মক অগুষ্ঠ প্ৰদৰ্শন একাংশ ব্যৱসায়ী
কিন্তু ঘটনা সন্দৰ্ভত প্ৰশাসনে খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ বন্ধ কৰি দিয়ে পৌৰসভাৰ বজাৰ সমূহ । অৱশ্যে আন দোকান সমূহ নীতি-নিয়ম অনুসৰি খোলা থাকিব বুলি প্ৰকাশ কৰে প্ৰশাসনে । আনহাতে, প্ৰশাসনক এই ক্ষেত্ৰত সহায় কৰে মঙলদৈ আৰক্ষী আৰু মঙলদৈ চেম্বাৰ্ছ অফ কমাৰ্চ ৰ বিষয়ববীয়াই ৷