দলগাঁও, 13 অক্টোবৰ: "যোগান বিভাগ অকামিলা, দুখীয়াৰ পেটৰ ভাত কাঢ়ি খাই সিহঁতে কৌটিপতি হৈছে ৷ দুখীয়াৰ প্ৰতি কোনো ধৰণৰ দয়া নাই ৷ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি প্ৰকৃত কালপ্ৰীতক ধৰি বিহিত ব্যৱস্থা কৰক ৷" দৰং জিলাৰ দলগাঁৱৰ বৰুৱাঝাৰ সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে (Locals demand arrest of cooperative society secretary )৷ বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰি এই মন্তব্য প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে (Locals protest against CSS secretary) ৷
জানিব পৰা মতে যোৱা ১৪ চেপ্টেম্বৰত বৰুৱাঝাৰ সমবায় সমিতিৰ সম্পাদক ছহিদুল ইছলামে AS 12BC 2010 নম্বৰৰ ডি আই গাড়ীখনত ভৰ্তি কৰি ৭০ বস্তা সুলভ মূল্যৰ চাউল বিক্ৰীৰ বাবে খাৰুপেটীয়াৰ এটা ৰাইচ মিললৈ লৈ গৈছিল ৷ বিক্ৰীৰ বাবে চাউলৰ বস্তাকেইটা নমাই থকা অবস্থাতে দৰং আৰক্ষীয়ে খাৰুপেটীয়া আৰক্ষীৰ সহযোগত অভিযান চলাই চাউলৰ বস্তাসহ গাড়ীখনৰ চালকজনক হাতে লোটে আটক কৰে ৷
আৰক্ষীয়ে চাউলখিনি জব্দ কৰাৰ লগতে মিলটোৰ মালিকক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত জেললৈ প্ৰেৰণ কৰিছিল । কিন্তু সমবায় সমিতিখনৰ সম্পাদকজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷