দৰং, 6 ছেপ্তেম্বৰঃ কনিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীৰ ওদালগুৰিৰ বাসগৃহত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ ৷ শুকুৰবাৰে নিশা যোৰহাটৰ ভাড়াঘৰত দুৰ্বৃত্তই অতি নৃসংহতাৰে হত্যা কৰিছিল ডা৹ ৰাহুল বসুমতাৰীক ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে মাতৃৰ সৈতে ফোনত কথা বতৰা পাতিছিল ৰাহুলে ৷ ফোনতে তেওঁক বন্ধুসকলে বেয়া পাই বুলি মাতৃক জনাইছিল ৰাহুলে ৷ লগতে মঙলবাৰে নিজ ঘৰলৈ আহাৰ কথাও জনাইছিল মাতৃক ৷ ইতিমধ্যে চিআৰপিএফত কৰ্মৰত ৰাহুলৰ পিতৃ নগেন বসুমতাৰীয়ে পুত্ৰ বিয়োগৰ খবৰটো লাভ কৰাৰ পিছতে শ্ৰীনগৰৰ পৰা ৰাওনা হৈছে গৃহ অভিমুখে ৷
চিকিৎসক ৰাহুল বসুমতাৰীৰ ওদালগুৰিৰ বাসগৃহত শোকৰ ছাঁ - চিকিৎসক ৰাহুল বসুমতাৰী হত্যাকাণ্ড বাতৰি
কনিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীৰ ওদালগুৰিৰ বাসগৃহত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে ৰাহুলে মাতৃৰ সৈতে ফোনত কথা বতৰা পতা বুলি জানিবলৈ দিছে ৰাহুলৰ মাতৃ নিৰলা বসুমতাৰীয়ে ৷ দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে চৰকাৰক কাতৰ আহ্বান ৰাহুলৰ মাতৃৰ ৷
চিকিৎসক ৰাহুল বসুমতাৰীৰ ওদালগুৰিৰ বাসগৃহত শোকৰ ছাঁ
আনহাতে আৰক্ষীৰ জালত পৰিছে ৰাহুলৰ হত্যাত অভিযুক্ত এজন হত্যাকাৰী ৷ যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰে দিগন্ত তাঁতী নামৰ লোকজনক ৷ দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে আৰক্ষীৰ লগতে চৰকাৰক কাতৰ আহ্বান জনাইছে মাতৃ নিৰলা বসুমতাৰীয়ে ৷
লগতে পঢ়ক-প্ৰশাসনে বন্ধ কৰিলে চৰকাৰী চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ