চিপাঝাৰ, 9 এপ্ৰিলঃব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম চিপাঝাৰৰ কুৰুৱাৰ অঞ্চল ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে কুৰুৱাবাসীয়ে ৷ চৰকাৰ তথা জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ গাঁৱবাসীৰ ৷
গৰাখহনীয়াৰ আতংকত ভগৱানৰ শৰণাপন্ন কুৰুৱাবাসী - গৰাখহনীয়া
ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম চিপাঝাৰৰ কুৰুৱাৰ অঞ্চল ৷ জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ
চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুৰুৱাত বিগত তিনি বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে জলা কলা খাবলগীয়া হৈছে কুৰুৱাবাসীয়ে । কুৰুৱাৰ জনবসতি এলেকাৰ পৰা মাত্ৰ 8-10 মিটাৰ দূৰত্বত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত অঞ্চলটোৰ প্ৰায় কেইবাশতাধিক পৰিয়ালৰ জীৱনলৈ ভাবুকি আহি পৰিছে । ইতিমধ্যে গৰাখহনীয়াৰ কৱলত পৰি অঞ্চলটোৰ ৰাইজৰ বহু সা-সম্পত্তি ব্ৰহ্মপুত্ৰত উটি গৈছে ৷ কুৰুৱাবাসীৰ অভিযোগ অনুসৰি এই সমস্যাৰ বিষয়ে বহুবাৰ চৰকাৰক আবেদন জনোৱা হৈছে যদিও এই পৰ্যন্ত গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ লগতে এই গভীৰ সমস্যা সন্দৰ্ভত জনপ্ৰতিনিধি বিনন্দ কুমাৰ শইকীয়াই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ দিয়ে গাঁৱবাসীয়ে ৷ সেয়ে গাঁৱবাসীয়ে এতিয়া চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই এক মাত্ৰ নেদেখা জনৰ ওপৰতে ভৰষা কৰিবলগীয়া হৈছে বুলি জনাই কুৰুৱাবাসীয়ে ৷