দৰং,৩ জুন :ৰাজ্যত সত্ৰ, মন্দিৰ আদিৰ ভূমি বেদখল অব্যাহত আছে । এইবাৰ দৰঙ জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি নিশাৰ ভিতৰতে সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিলে । ছিপাঝাৰ সমষ্টিৰ ফুহুৰা তলীৰ ৭৭,৪২০ বিঘা ভূমি সন্দেহ যুক্ত নাগৰিকে বেদখল কৰি থকা পিচত পুনৰ সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিছে দৰঙৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি ৷
ছিপাঝাৰ সমষ্টিৰ ধলপুৰ শিৱ মন্দিৰৰ ১৮০ বিঘা ভূমি চৰকাৰে আৱন্টন দিছিল ৷ কিন্তু এই ধলপুৰ শিৱ মন্দিৰৰ ১২০ বিঘা ভূমি সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিছে, কিছু মাহ পূৰ্বে দৰঙ জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল যদিও পুনৰ নিশাৰ ভিতৰতে সন্দেহ যুক্ত নাগৰিকে বেদখল কৰে ৷ এই খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ।