অসম

assam

ETV Bharat / state

বেদখলমুক্ত হ'লনে দৰঙৰ 77,420 বিঘা ভূমি?

উচ্চেদৰ প্ৰায় তিনি বছৰৰ ভিতৰতেই পুনৰ বেদখল চলিচে উচ্চেদিত অঞ্চলত ৷ উচ্চেদৰ নামত নাটক কৰিয়েই প্ৰশাসনে দায়িত্ব সামৰিছে বুলি অভিযোগ আনিছে দৰং জিলা আছু, প্ৰবজন বিৰোধী মঞ্চকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠনে ৷

বেদখলমুক্ত হ'লনে দৰঙৰ 77,420 বিঘা ভূমি?

By

Published : Sep 25, 2019, 7:50 PM IST

ছিপাঝাৰ, 25 চেপ্তেম্বৰঃ 2016 চনৰ 21 ডিচেম্বৰত প্ৰশাসনৰ নিৰ্দেশত বুলডজাৰ-জেচিবিৰে উচ্চেদ চলিছিল 66 নং ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰুৱাৰ ফুহুৰাতলিত ৷ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰ আৰু দৰং জিলাৰ বিভিন্ন-দল সংগঠনৰ প্ৰতিবাদৰ ফলস্বৰূপে জিলাৰ প্ৰশাসনে সন্দেহযুক্ত নাগৰিকে বেদখল কৰি থকা ভূমিত চলাইছিল উচ্চেদ ৷ চৰকাৰী নথিমতে বেদখল হৈ থকা ভূমিৰ পৰিমান আছিল 77,420 বিঘা ৷ তাৰে 12শ বিঘা পি.জি.আৰ ভূমিত উচ্চেদ চলাইছিল প্ৰশাসনে ৷

বেদখলমুক্ত হ'লনে দৰঙৰ 77,420 বিঘা ভূমি?

কিন্ত এই উচ্চেদৰ প্ৰায় তিনি বছৰৰ ভিতৰতেই পুনৰ বেদখল চলিচে উক্ত অঞ্চলত ৷ উচ্চেদৰ নামত নাটক কৰিয়েই প্ৰশাসনে দায়িত্ব সামৰিছে বুলি অভিযোগ আনিছে দৰং জিলা আছু, প্ৰবজন বিৰোধী মঞ্চকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠনে ৷

বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰখন

ইপিনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ ভূমিকাত ক্ষুণ্ণ বিভিন্ন দল সংগঠন ৷ কিয়নো জাতি-মাটি-ভেটিৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী লাভ কৰা বিজিপি চৰকাৰে এই সম্পৰ্কে লোৱানাই কোনো কঠোৰ পদক্ষেপ ৷ এতিয়া প্ৰশ্ন হয় চৰকাৰী কাৰ্যালয়- খেলপথাৰ আদিৰ বাবে ভূমিৰ পৰিমান কম হোৱা সমষ্টিটোত কি দৰে সংঘটিত হ'বলৈ পাইছিল অবৈধ বেদখল? কোনো ৰাজনৈতিক দল বা নেতাৰ ভোটৰ অংকৰ বাবেই সমাধান নোহোৱাকৈ ৰৈ যাব নেকি এই সমস্যা? উচ্চেদৰ নামত নামমাত্ৰ অভিযান চলায়ে প্ৰশাসনে সামৰিব নেকি নিজৰ দায়িত্ব? এই প্ৰশ্ন কেৱল আমাৰ নহয়, এই প্ৰশ্ন দৰং জিলাৰ সচেতন মহলৰ ৷

ABOUT THE AUTHOR

...view details