দলগাঁও, 22 নৱেম্বৰ :৬০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী থকা দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত খাৰুপেটীয়াৰ নিকটৱৰ্তী অচিনতলা এম ই মাদ্ৰাছাত (Achintala ME Madrasa) কৰ্মৰত হৈ আছে দুগৰাকী শিক্ষক আৰু দুগৰাকী শিক্ষয়িত্ৰী । ছয় শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে কৰ্মৰত হৈ থকা চাৰি গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ ভিতৰত তিনি গৰাকীক শেহতীয়াকৈ নিয়োগ কৰা হ'ল ক'ভিড ডিউটিত ।
চৰকাৰৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ পৰা অচিনতলা এম ই মাদ্ৰাছাৰ (স্কুল) দুগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী শিক্ষক ক'ভিড ডিউটি যোৱাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত ৷ মাদ্ৰাছাখনৰ পৰিচালনা সমিতিয়ে অভিযোগ কৰাৰ মতে, শিক্ষকৰ অভাৱত ব্যাহত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাদান প্ৰক্ৰিয়া ৷