দলগাঁও, 14 নৱেম্বৰ :দৰঙৰ দলগাঁৱৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীয়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ মহাবিদ্যালয়খনত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা আছে যদিও সেই পানী ব্যৱহাৰৰ উপযোগী নহয় ৷ দেখিলে আচৰিত হ'ব মহাবিদ্যালয়খনৰ খোৱা পানীৰ ৰং হালধীয়া ৷
মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই অভিযোগ কৰা মতে, দীৰ্ঘদিন ধৰি সমাধান নোহোৱা মহাবিদ্যালয়খনৰ খোৱা পানী সমস্যাটো সমাধানৰ বাবে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ তদুপৰি স্থানীয় বিধায়ক গৰাকীকো বহুবাৰ অৱগত কৰা হৈছিল যদিও কোনো সুফল নাপালে মহাবিদ্যালয়খনে ৷
ইফালে, মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে অভিযোগ কৰা মতে, খোৱা পানীতো দূৰৰে কথা, practical কামৰ বাবেও প্ৰয়োজনীয় পানী ক্ৰয় কৰিবলগীয়া হয় শিক্ষাৰ্থী সকলে ৷ মহাবিদ্যালয়খনত পানীৰ ব্যৱস্থা আছে যদিও সেই পানীত অত্যন্ত আইৰণ থকাৰ বাবে ব্যৱহাৰ উপযোগী নহয় ৷ তদুপৰি পানীৰ অভাৱৰ বাবে মহাবিদ্যালয়খনৰ মহিলা প্ৰসাৱগাৰ অত্যন্ত লেতেৰা হৈ পৰা বুলি অভিযোগ কৰিছে শিক্ষাৰ্থী সকলে ৷