অসম

assam

ETV Bharat / state

আভ্যন্তৰীণ জলপৰিবহণে কেনেকৈ পণবন্দী কৰিলে কুৰুৱাবাসীক ? - KURUA

আওপুৰণি জাহাজেৰে কুৰুৱা আৰু গুৱাহাটীৰ মাজৰ যোগাযোগ অব্যাহত ৰখা জল পৰবিহণ বিভাগৰ অকৰ্মণ্যতাৰ ফল ভোগ কৰিছে কুৰুৱাবাসীয়ে ৷

আভ্যন্তৰীণ জলপৰিবহণে কেনেকৈ পণবন্দী কৰিলে কুৰুৱাবাসীক ?

By

Published : Jun 11, 2019, 4:55 PM IST

Updated : Jun 11, 2019, 5:03 PM IST

দৰং,11 জুনঃ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ অকৰ্মণ্যতাৰ ফল ভোগ কৰব লগা হ’ল ছিপাঝাৰৰ কুৰুৱাবাসীয়ে ৷ কোনো জাননী নিদিয়াকৈ হঠাৎ মঙলবাৰে বন্ধ কৰি দিলে কুৰুৱা গুৱাহাটী সংযোগী জাহাজৰ চলাচল ৷ পূৰ্বৰে পৰা চলি অহা আওপুৰণি দুখন জাহাজ ক্ৰমে কদম আৰু নাহৰবিল প্ৰায়ে বিকল হৈ থাকে ৷ সোমবাৰেও জাহাজ দুখনে কুৰুৱাৰ পৰা গুৱাহাটীলৈ যাত্ৰী কঢ়িয়াই নিছিল যদিও ২ বজাত আৰু ৪ বজাত পুনৰ গুৱাহাটীৰ পৰা কুৰুৱালৈ আহি থকা অৱস্থাত বহ্মপুত্ৰৰ মাজতে দুয়োখন জাহাজ বিকল হৈ পৰিছিল ৷ যাৰ বাবে উপায়হীন যাত্ৰী সকলক গুৱাহাটীৰ পৰা বাছেৰে কুৰুৱালৈ অনাৰ ব্যৱস্থা কৰিছিল জলপৰিবহণ বিভাগে ৷ ইয়াকে লৈ জাহাজ ঘাটত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । কিন্তু মঙলবাৰে পূৰ্বৰে পৰা চলি থকা কুৰুৱা-গুৱাহাটী জাহাজৰ চলাচল বন্ধ হৈ পৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল । আনফালে কেতিয়ালৈ জাহাজৰ চলাচল পুনৰ আৰম্ভ কৰা হ’ব তাৰ কোনো নিশ্চয়তা প্ৰকাশ কৰা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷

আভ্যন্তৰীণ জলপৰিবহণে কেনেকৈ পণবন্দী কৰিলে কুৰুৱাবাসীক ?
Last Updated : Jun 11, 2019, 5:03 PM IST

ABOUT THE AUTHOR

...view details