মঙলদৈ, ২৫ ডিচেম্বৰ: প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনটো 'সু শাসন দিন' হিচাপে পালন কৰা হয় । মঙলদৈতো জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে জিলা পুথিভঁৰালত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত জিলাখনৰ আগশাৰীৰ ১০ গৰাকী কৃষকক সম্বৰ্ধনা জনোৱা হয় । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্র দেশবাসীক বিশেষকৈ কৃষকসকলক উদ্দেশ্যি দিয়া ভাষণ সভাত উপস্থিত থকা লোকসকলৰ বাবে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল, হাৰিয়ানা আদি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত কৃষিৰ আঁচনিসমূহে কেনেদৰে ৰাজ্যবাসীক লাভান্বিত কৰিছে সেই বিষয়ে বাৰ্তালাপ কৰে । আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ওপজা দিনটোতে 'কৃষক সন্মান নিধি'ৰ সপ্তম কিস্তিৰ প্ৰায় ১৮ হাজাৰ কোটি টকা দেশৰ ৯ কোটি কৃষকৰ বাবে মুকলি কৰি দিয়া হয় ।