অসম

assam

ETV Bharat / state

মঙলদৈত প্ৰথমবাৰৰ বাবে চিলা মহোৎসৱ আয়োজন

শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ পোনপ্ৰথমবাৰৰ বাবে মঙলদৈৰ নিকতৱৰ্তী চেৰেং চাপৰিত চিলা মহোৎসৱৰ আয়োজন কৰা হয় ৷ এই মহোৎসৱত প্ৰদৰ্শিত হৈছে দৰঙৰ ভিন্ন কৃষ্টি-সংস্কৃতি ।

kite festival
চিলা মহোৎসৱ

By

Published : Feb 14, 2021, 10:44 PM IST

দৰং,14 ফেব্ৰুৱাৰী : দৰং জিলাৰ মঙলদৈৰ নিকতৱৰ্তী চেৰেং চাপৰিত শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈয় চিলা মহোৎসৱ । মঙলদৈ চহৰৰ পৰা 3 কিলোমিটাৰ দূৰত চেৰেং চাপৰিত মঙলদৈ টাউন ক্লাৱ আৰু পাহি প্ৰডাকচনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মহোৎসৱত প্ৰদৰ্শিত হয় দৰঙৰ বিভিন্ন কৃষ্টি-সংস্কৃতি ।

চিলা মহোৎসৱ

ইয়াৰোপৰি অনুষ্ঠানত পেৰা গ্লাইডিং, বাইক ৰাইডিং, বলুকা শিল্প আদিৰো আয়োজন কৰা হয় । আনহাতে, দেওবাৰে দিনৰ 12 বজাত অনুষ্ঠিত হয় 'গ্ৰন্থৰ সুবাস বিচাৰি' শীৰ্ষক অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকে "লাইফ অৱ এ ড্ৰাইভাৰঃ কেবিনৰ ইপাৰে" শীৰ্ষক গ্ৰন্থৰ লেখক ৰূপম দত্ত আৰু "শিল বেপাৰীৰ আত্মকথা"ৰ লেখক হীৰেণ চহৰীয়া ।

চিলা মহোৎসৱ

অনুষ্ঠানত লেখকদ্বয়ৰ লগতে অসম সাহিত্য সভাৰ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠই গীত আৰু বক্তৃতা প্ৰদানেৰে অনুষ্ঠান মুখৰিত কৰি তোলে । পৰৱৰ্তী দিনতো এই উৎসৱ পালন কৰি যাব আৰু ৰাইজে অধিক আগ্ৰহেৰে আকোঁৱালি ল’ব বুলি লেখক হীৰেণ চহৰীয়াই মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক :মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উদ্বোধন সাহিত্যিৰথী পুথিভঁড়াল

ABOUT THE AUTHOR

...view details