খাৰুপেটীয়াত অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - KHARUPETIA
আৰক্ষীৰ জ্ঞাতসাৰেই চলি থকা সকলো ধৰণৰ অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত দৰং জিলা প্ৰশাসনক এক স্মাৰক পত্ৰ ইত্তেহাদ ফ্ৰন্টৰ ৷
দৰং,18 জুনঃ মঙলবাৰে মদ, জুৱা, তীৰ , ভাং, গুটখা, বাল্য বিবাহ আদিৰ বিৰুদ্ধে দৰঙৰ খাৰুপেটীয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ইত্তেহাদ ফ্ৰন্ট নামৰ অৰাজনৈতিক সংগঠনটোৱে । বিভিন্ন আঞ্চলিকৰ সহযোগত ইত্তেহাদ ফ্ৰন্টৰ দৰং জিলা সমিতিয়ে হাতে হাতে প্লে কাৰ্ড লৈ খাৰুপেটীয়া নগৰৰ মাজেদি এক প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন অসামাজিক কাৰ্যকলাপ বন্ধৰ কৰাৰ দাবীত বিভিন্ন শ্ল’গান দি উত্তাল কৰে ৰাজপথ । উল্লেখ্য যে, খাৰুপেটীয়াৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ জ্ঞাতসাৰেই চলি থকা সকলো ধৰণৰ অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত দৰং জিলা প্ৰশাসনক এক স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ।