খাৰুপেটীয়াত বিদ্যুতৰ খুঁটাৰ বাবে আতংকিত ৰাইজ - আতংকিত ৰাইজ
খাৰুপেটীয়াৰ এন চি খেতাশ্বৰ গাঁৱত এটি বিদ্যুৎৰ খুঁটাক লৈ আতংকিত হৈ পৰিছে ৰাইজ । কালাপানী নৈৰ খহনীয়াৰ ফলত হাউলি পৰিছে বিদ্যুৎৰ খুঁটাটো । দীৰ্ঘ দিন ধৰি স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক এই ঘটনাটো অৱগত কৰিছিল যদিও এতিয়া লৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ।

খাৰুপেটীয়াত আতংকিত ৰাইজ
দৰং, ১৩ জুলাইঃ
- খাৰুপেটীয়াৰ এন চি খেতাশ্বৰ গাঁৱত আতংকিত ৰাইজ
- বিদ্যুৎৰ খুঁটাই ভাবুকি কঢ়িয়াই আনিছে জীৱকুললৈ
- কালাপানী নৈৰ খহনীয়াৰ ফলত হাউলি পৰিছে বিদ্যুৎৰ খুঁটাটো
- যিকোনো মুহূৰ্তত পানীত বাগৰি পৰাৰ সম্ভাৱনা বিদ্যুতৰ খুঁটাটো
- বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো গা লৰা নাই বিষয়া-কৰ্মচাৰীৰ
- অঘটন ঘটাৰ পূৰ্বে বিহিত ব্যৱস্থা গ্ৰহণ দাবী ৰাইজৰ লগতে দল সংগঠনৰ খাৰুপেটীয়াত আতংকিত ৰাইজ