অসম

assam

ETV Bharat / state

খাৰুপেটীয়াত প্ৰথমবাৰৰ বাবে মালচিং পদ্ধতিৰে খেতি শিক্ষিত যুৱক যুৱতীৰ - Educated Youth Farming by Malting Process

খাৰুপেটীয়াৰ 10গৰাকী শিক্ষিত যুৱক যুৱতীয়ে কৃষিৰে দেখুৱাইছে আদৰ্শ ৷ উন্নত মানৰ মালচিং পদ্ধতিৰে খেতিপথাৰত সপোন ৰচিছে এইসকল যুৱক-যুৱতীয়ে ৷

Kharupetia Educated Youth Farming by Malting Process
মালচিং পদ্ধতিৰে খেতি

By

Published : Dec 4, 2019, 4:29 PM IST

দলগাঁও, 4 ডিচেম্বৰঃ নিবনুৱা সমস্যাই জুৰুলা কৰা কেইগৰাকীমান শিক্ষিত যুৱক যুৱতীয়ে কৃষিৰে দেখুৱাইছে স্ব-নিয়োজনৰ পথ ৷ খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ কেইজনমান উচ্চশিক্ষিত যুৱক যুৱতীয়ে নিজৰ লগতে আন শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷

মালচিং পদ্ধতিৰে কৰা খেতিৰ ফচল
খেতিপথাৰত ব্যস্ত এগৰাকী যুৱক

যৌথ প্ৰচেষ্টাৰে তেওঁলোকে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী কৰ্ম ৷ বহিঃৰাজ্যৰ পৰা প্ৰশিক্ষণ লৈ 20 বিঘাৰো অধিক মাটিত মালচিং পদ্ধতিৰে কৰিছে ভিন্ন পাঁচলিৰ খেতি ৷ কম সময়ৰ ভিতৰত শস্য বৃদ্ধি হোৱা এই মালচিং পদ্ধতিয়ে লাঘৱ কৰে শ্ৰম ৷ বহু দিনলৈ ধৰি ৰাখিব পাৰে পানী, লগতে প্ৰখৰ ৰ'দ আৰু বৰষুণতো হ্ৰাস নহয় খেতিত প্ৰয়োগ কৰা সাৰৰ গুণাগুণ ৷

মালচিং পদ্ধতিৰে খেতি

মালচিং পদ্ধতিৰে যুৱক যুৱতীসকলে উৎপাদন কৰা শাক পাঁচলিয়ে বজাৰত সমাদৰ লাভ কৰিছে যদিও সেই অনুপাতে পোৱা নাই বজাৰ মূল্য । তেওঁলোকৰ মতে, একাংশ মধ্যভোগীৰ বাবে উচিত বজাৰ মূল্যৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ দ্বাৰা উৎপাদিত পাঁচলিসমূহ ৷

লগতে পঢ়ক:ধেমাজিত "বেটী বাচাও বেটী পঢ়াও " আঁচনিৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details