মঙলদৈ, ২৭ জুলাই :ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে অন্যায়, অনিয়ম, দুৰ্নীতি তথা অপৰাধৰ ক্ষেত্ৰত অসম আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাই আহিছে । কিন্তু তাৰ মাজতেই বহু ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন পৰ্যায়ৰ আৰক্ষী বিষয়া তথা কনিষ্টবল বিভিন্ন দুৰ্নীতিত লিপ্ত হোৱাৰো খবৰ আহি আছে । এক কথাত এতিয়াও বহু আৰক্ষীয়ে ৰক্ষকেই ভক্ষকৰ দৰে হৈ আছে ।
এইবাৰ পুনৰ খাকী পোছাকত লাগিল ক'লা দাগ । 'ব্লেক মেইলাৰ'ৰ ভূমিকাত অৱতীৰ্ণ হ'ল এগৰাকী আৰক্ষী (policeman plays role of black mailer)। যাৰ বাবে এইগৰাকী ব্লেক মেইলাৰ আৰক্ষী এতিয়া ৰঙাঘৰৰ আলহী হ'বলগা হৈছে । আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল খোদ আৰক্ষী বিষয়া । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা এইবাৰ গ্ৰেপ্তাৰ হৈছে ভুৱা গোচৰৰ অভিযোগত (Kharupatiya police station OC Utpal Bora arrested) ।
উৎপল বৰাই ভুৱা গোচৰ জাপি দি সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ লগতে বহু দিনৰ পৰা ধন দাবী কৰি অহাৰ অভিযোগ । উৎপল বৰা দৰঙৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈ থাকোঁতে এগৰাকী চিকিৎসক আৰু শিক্ষকক JJM আঁচনিৰ পাইপ চুৰি কৰা ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ লাখ টকা দাবী কৰিছিল । প্ৰায় এমাহ আগতে বিষয়াগৰাকীয়ে এই কাৰ্য সংঘটিত কৰিছিল । পিছত চিকিৎসক আৰু শিক্ষকগৰাকীয়ে উচ্চ আৰক্ষী বিষয়াক এই সন্দৰ্ভত সকলো কথা অৱগত কৰোৱাত অসম আৰক্ষীয়ে উৎপল বৰাৰ বিৰুদ্ধে গোপনে তদন্ত আৰম্ভ কৰে ।