মঙলদৈ, ২৩ মাৰ্চ : শনিবাৰে সাংবাদিকসকলে মঙলদৈত সাব্যস্তকৰে উত্তাল প্ৰতিবাদ । বৃহস্পতিবাৰে সাংবাদিক চক্ৰপাণিপৰাশৰক কাৰ্যালয়ৰ পৰা ওলাই অহা সময়ত দুৰ্বৃত্তই কৰা আক্ৰমণৰ বাবেশনিবাৰে সাংবাদিকসকলে মঙলদৈ চহৰত তিনি ঘণ্টাজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । সাংবাদিকজনক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ আহ্বান জনায় প্ৰতিবাদী সাংবাদিকসকলে ।
মঙলদৈত সাংবাদিকৰ প্ৰতিবাদ
মঙ্গলদৈ প্ৰেছ ক্লাৱৰ সন্মুখত গ্ৰহণকৰা এই প্ৰতিবাদী কাৰ্য্যসূচীত দৰং জিলা কৰ্মচাৰী পৰিষদ, দৰং আছু, ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী সভাত সাংবাদিকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰক অতি শীঘ্ৰে উচিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনায়।