দৰং, 30 নৱেম্বৰ: লিখক তথা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ পিছত এইবাৰ বিতৰ্কত সাংবাদিক মৃণাল তালুকদাৰ(Journalist Mrinal Talukdar in controversy) ৷ সদ্য প্ৰকাশিত গ্ৰন্থ "স্বৰাজোত্তৰ অসম 1947-2019" ত মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ বিষয়ে লেখকদ্বয় মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাই বিকৃত ৰূপত দাঙি ধৰাৰ অভিযোগ দৰং জিলা ছাত্ৰ সন্থা আৰু দৰং গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ৷
উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত 1972 চনত পৰিচালিত হোৱা মাধ্যম আন্দোলন আছিল এক স্বত:ফূর্ত জাতীয় আন্দোলন ৷ এই আন্দোলনৰ অন্যতম কাৰ্যসূচী 1972 চনৰ 5 অক্টোবৰৰ অসম বন্ধত দৰঙৰ খাৰুপেটীয়াত দোকান পোহাৰ খোলা ৰখা একাংশ ব্যৱসায়ীক বুজাই বঢ়াই দোকান বন্ধ কৰিবলৈ যোৱা ছাত্ৰ সকলৰ মাজত আছিল মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিশোৰ ছাত্ৰ মোজাম্মিল হক৷
কিন্তু শান্তিপূৰ্ণভাৱে দোকান বন্ধ কৰিবলৈ অনুৰোধ কৰা স্বত্তেও পূৰ্বৰে পৰা সষ্টম হৈ থকা আন্দোলন বিৰোধী দুষ্কৃতিকাৰীৰ দলে জধে-মধে নিৰস্ত্ৰ আৰু নিৰীহ ছাত্ৰ সকলক লোহা লাঠি আদিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰ ভাৱে আহত হৈছিল মোজাম্মিল হক ৷ সংকটজনক অৱস্থাত তেওঁক গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও পিছদিনা অৰ্থাৎ 6 অক্টোবৰত মৃত্যু হয় ছাত্ৰ মোজাম্মিলৰ ৷ আৰু ইয়াৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাই তেওঁক মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী ছহিদ হিচাপে ঘোষণা কৰে ৷