মঙলদৈ, 4 আগষ্ট :বুধবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে আকস্মিকভাৱ এক অভিযান চলায় মঙলদৈত । দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ হয় খাৰুপেটীয়া কৃষি খণ্ডৰ ADO জ্যোতিৰেখা দাস । ১৫,০০০ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে জ্যোতিৰেখা দাসক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে ।
জানিবপৰা মতে, বিষয়া গৰাকীয়ে কৃষকক ধান বিক্ৰী কেন্দ্ৰৰ প্ৰমাণ প্ৰত্ৰ দিয়াৰ নামত লৈছিল ধন । বিষয়া গৰাকীৰ চাকৰি খাৰুপেটীয়াত যদিও মঙলদৈত ভাড়াঘৰত থাকে তেওঁ । ঘটনা অনুসৰি খাৰুপেটীয়াৰ জয়নাল আবেদিন নামৰ খেতিয়কজনৰ পৰা ধন দাবী কৰিছিল ADO জ্যোতিৰেখা দাসে ।
বুধবাৰে পুৱা প্ৰায় ১০ বজাত AS-12 Y 3794 স্কুটী খনেৰে ADO জোতিৰেখা দাসে আহি মঙলদৈৰ শান্তিপুৰত পথৰ ওপৰতে ধন লৈ থাকোতেই হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই । বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে শান্তিপুৰত থকা ভাড়াঘৰতো তালাচী চলাই অভিযানকাৰী দলটোৱে ।