দৰং, 6 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (CAA) সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক যাদৱ শৰ্মাই ৷ ৰাইজৰ মতামতত সন্মান জনাই অসম সাহিত্য সভাই CAA ৰ বিৰোধিতা কৰিব বুলি জানিবলৈ দিয়ে শৰ্মাই ৷
CAA সন্দৰ্ভত সাহিত্য সভাৰ স্থিতি স্পষ্ট কৰিলে যাদৱ শৰ্মাই - Jadav Sharma clears Axom Sahitya Sabha's position on CAA
নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসম সাহিত্য সভাৰ স্থিতি স্পষ্ট যাদৱ শৰ্মাৰ ৷ CAA সন্দৰ্ভত অসমীয়া ৰাইজৰ সৈতে থিয় দিব বুলি তেওঁ জানিবলৈ দিয়ে ৷

CAA সম্পৰ্কত যাদৱ শৰ্মাৰ স্থিতি স্পষ্ট
CAA ৰ বিৰোধিতা কৰিব অসম সাহিত্য সভাই
কোনো কাৰণতে অসম সাহিত্য সভাই আইনখনৰ সমৰ্থন নকৰে বুলি মন্তব্য কৰি শৰ্মাই কয় যে, সাম্প্ৰতিক সময়ত অসমীয়া ভাষা সংকটৰ গৰাহত ৷ অসমীয়া জাতি, ভাষাৰ সংকটৰ মুহূৰ্তত অসম সাহিত্য সভাই ৰাইজৰ লগত থাকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদায় মাত মাতি যাব বুলি নৱ নিৰ্বাচিত প্ৰধান সম্পাদক গৰাকীয়ে জনায় ৷
আৰু পঢ়ক : আছু নেতা বিজু গগৈৰ আলফাত যোগদান!