দৰং,২ ফেব্ৰুৱাৰী : যোৱা ২৩ ছেপ্টেম্বৰৰ দিনা ঢলপুৰৰ গৰুখুটি অঞ্চলৰ চৰকাৰী ভূমিৰ পৰা একাংশ বেদখলকাৰীক উচ্ছেদ কৰাৰ সময়ত সৃষ্টি হোৱা অনাকাংক্ষিত ঘটনাৰ ওপৰত অসম চৰকাৰে ঘোষণা কৰা তদন্তৰ দুই পক্ষৰ সাক্ষী গ্ৰহণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি. ডি আগৰৱালাৰ অধ্যক্ষতাত এজনীয়া তদন্ত আয়োগ পুনৰ দৰং জিলাত আহি উপস্থিত হয় (Garukhuti incident Hearing) । দৰঙৰ গৰুখুটি ঘটনাৰ তদন্তৰ বাবে মঙলদৈ আৱৰ্ত ভৱনত সাক্ষ্য প্ৰদানৰ বুধবাৰে ২য় দিন । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি. ডি আগৰৱালাৰ সন্মুখত লিখিত সাক্ষ্য প্ৰদান কৰে ২১ গৰাকীয়ে আৰু ৪ টা সংগঠনে লিখিত সাক্ষ্য দাখিল কৰে ।
Garukhuti incident Hearing: গৰুখুটি ঘটনা সন্দৰ্ভত তদন্ত আয়োগৰ মুকলি শুনানি - মঙলদৈস্থিত আবৰ্ত ভৱনত অনুস্থিত মুকলি শুনানি
গৰুখুটি ঘটনা সন্দৰ্ভত অসম চৰকাৰে ঘোষণা কৰা তদন্তৰ সাক্ষী গ্ৰহণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি. ডি আগৰৱালাৰ অধ্যক্ষতাত এজনীয়া তদন্ত আয়োগ দৰং জিলাত উপস্থিত । মঙলদৈস্থিত আবৰ্ত ভৱনত অনুস্থিত মুকলি শুনানি গ্ৰহণ কৰে আয়োগে (Inquiry Commission open hearing on Garukhuti incident)। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি.ডি আগৰৱালাৰ সন্মুখত ২১ গৰাকী ব্যক্তি আৰু ৪ টা সংগঠনে লিখিত সাক্ষ্য প্ৰদান কৰে ।
গৰুখুটি ঘটনা সন্দৰ্ভত তদন্ত আয়োগৰ মুকলি শুনানি
লক্ষণীয়ভাৱে গৰুখুটি কৃষি প্ৰকল্পৰ ৭৭,৪২০ বিঘা সমুদায় মাটি এতিয়াও বেদখলমুক্ত হোৱা নাই । সেয়ে তৎকালীনভাৱে উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনালে সংগ্ৰামী সতীৰ্থ মঞ্চই ।
লগতে পঢ়ক:MLA Sheraman Ali in controversy: কাক কঠোৰ শাস্তি দিব বিতৰ্কিত বিধায়ত শ্বেৰমান আলীয়ে ?