অসম

assam

ETV Bharat / state

আভ্যন্তৰীণ জল পৰিৱহন বিভাগত বৃহৎ চিণ্ডিকেট - Inland Water Transport Department Assam scam

দৰঙৰ খাৰুপেটীয়া হৈ 2 নং মাগুৰমাৰী আৰু মৰিগাঁও জিলাৰ ভুৰাগাঁও পাৰঘাটেৰে প্ৰতিদিনে আহা যোৱা কৰে শতাধিক যাত্ৰীয়ে ৷ পাৰঘাটত প্ৰতিজন যাত্ৰীৰ পৰা 60 টকা, বাইকৰ বাবদ 100 আৰু চাইকেলৰ বাবদ সংগ্ৰহ কৰা হয় 20 টকাকৈ ৷ আনহাতে, বিভাগীয় অনুমতি অবিহনে প্ৰশাসনৰ চকুত ধুলি দি বিপদ সংকুলভাৱে ভটভটী নাৱেৰে অনা নিয়া কৰা হয় যাত্ৰী ৷

Inland Water Transport Department scam at Darang
আভ্যন্তৰীণ জল পৰিৱহন বিভাগত বৃহৎ চিণ্ডিকেট

By

Published : Nov 27, 2019, 5:22 PM IST

দৰং, 27 নৱেম্বৰঃ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিৱহন বিভাগত চলিছে লাখ লাখ টকাৰ চিণ্ডিকেট ৷ বিগত বৰ্ষত লাখ টকাত নিবিদাত দিয়া দৰঙৰ খাৰুপেটীয়া পাৰঘাটক লৈ চলিছে বৃহৎ চিণ্ডিকেট ৷ যাৰ ফলত অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিৱহন বিভাগে হেৰুৱাইছে বৃহৎ পৰিমাণৰ ৰাজহ ৷

মৰিগাঁও জিলাৰ ভুৰাগাঁও পাৰঘাট

উল্লেখ্য যে, দৰঙৰ খাৰুপেটীয়া হৈ 2 নং মাগুৰমাৰী আৰু মৰিগাঁও জিলাৰ ভুৰাগাঁও পাৰঘাটেৰে প্ৰতিদিনে আহা যোৱা কৰে শতাধিক যাত্ৰীয়ে ৷ পাৰঘাটত প্ৰতিজন যাত্ৰীৰ পৰা 60 টকা, বাইকৰ বাবদ 100 আৰু চাইকেলৰ বাবদ সংগ্ৰহ কৰা হয় 20 টকাকৈ ৷ আনহাতে, বিভাগীয় অনুমতি অবিহনে প্ৰশাসনৰ চকুত ধুলি দি বিপদ সংকুলভাৱে যন্ত্ৰচালিত নাৱেৰে অনা নিয়া কৰা হয় যাত্ৰী ৷ দুচকীয়া বাহনৰ লগতে অন্যান্য সামগ্ৰী পাৰ কৰাৰ বাবে প্ৰতিমাহে সংগ্ৰহ কৰা হয় লাখ লাখ টকা ৷

এতিয়া প্ৰশ্ন হয় কাৰ অনুমতিত দীৰ্ঘদিন ধৰি পাৰঘাটটোত অবৈধ ভাৱে সংগ্ৰহ কৰি অহা হৈছে ধন ৷ সম্প্ৰতি এই বিষয়ত নিমাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক আভ্যন্তৰীণ জল পৰিৱহন বিভাগত চলি থকা এই চিণ্ডিকেটৰ বিৰুদ্ধে অঞ্চলটোৰ স্থানীয় ৰাইজে অতি শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক- ৰাজ্যত নিষিদ্ধ হ'ল গুটখা

ABOUT THE AUTHOR

...view details