অসম

assam

প্ৰাগবছিমি চিন্থেটিক্স লিমিটেড পৰ্যবেক্ষণ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

By

Published : Nov 14, 2020, 8:01 AM IST

শীঘ্ৰে পুনঃকাৰ্যক্ষম কৰি তোলা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাগবছিমি চিন্থেটিক্স লিমিটেডক ৷ ৰাজ্য চৰকাৰৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰে উদ্যোগটো পৰ্যবেক্ষণ কৰি এই আশ্বাস প্ৰদান কৰে ৷

pragbasimi synthetic mill at darrang
pragbasimi synthetic mill at darrang

দৰং, 14 নবেম্বৰ : দৰঙৰ ছিপাঝাৰ স্থিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাগবছিমি চিন্থেটিক্স লিমিটেড পৰ্যবেক্ষণ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ লক ডাউনৰ অজুহাতত বন্ধ হৈ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগটো । অসম ঔদ্যোগিক উন্নয়ন নিগমৰ বিষয়াৰ সৈতে উদ্যোগটো পৰ্যবেক্ষণ কৰি শীঘ্ৰে সম্পূৰ্ণৰূপে ইয়াক কাৰ্যক্ষম কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে ।

প্ৰাগবছিমি চিন্থেটিক্স লিমিটেড পৰ্যবেক্ষণ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

উল্লেখযোগ্য যে,১৯৮৮ চনতে যুটীয়াখণ্ডত স্থাপিত প্ৰাগবছিমি সূতা উদ্যোগটোৰ উৎপাদন কাৰ্য বিভিন্ন অজুহাতত সময়ে সময়ে পৰিচালন কৰ্তৃপক্ষ‌ই বন্ধ কৰি ৰাখি আহিছে ৷ কিন্তু তাৰ বিপৰীতে উদ্যোগটোৰ নামত চৰকাৰে আগবঢ়োৱা ৰাজসাহাৰ্য গ্ৰহণ কৰি আহিছে কৰ্তৃপক্ষই ‌। উৎপাদন বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মাহৰ পিচত মাহ দৰমহা নাপায় হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শ্ৰমিক-কৰ্মচাৰী সকলৰ ।

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাগবছিমি চিন্থেটিক্স লিমিটেড

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্যোগ কৰ্তৃপক্ষ‌,কৰ্মচাৰী সন্থা আৰু স্থানীয় বিধায়কৰ লগত আলোচনাত মিলিত হৈ কম দিনৰ ভিতৰতে প্ৰাগবছিমি চিন্থেটিক্স লিমিটেডক কাৰ্যক্ষম কৰি তোলা হ’ব বুলি উল্লেখ কৰে। উদ্যোগটো কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস দিয়ে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷

লগতে পঢ়ক :লখিমপুৰত টোল গেটক কেন্দ্ৰ কৰি বিজেপি কৰ্মীৰে প্ৰতিবাদকাৰীৰ সংঘাত

ABOUT THE AUTHOR

...view details