অসম

assam

ETV Bharat / state

ক’ভিডৰ বাবে বন্ধ হ’ল ছিপাঝাৰ জাতীয় বিদ্যালয় - ক'ভিডৰ উপস্থিতি

ছিপাঝাৰ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰী সহ মুঠ ৫ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰ পাচতে এক আতংকৰ সৃষ্টি হৈছে বিদ্যালয়খনৰ লগতে বিদ্যালয়ৰ সমীপৰ সমগ্ৰ অঞ্চলটোত ৷

ক'ভিডৰ উপস্থিতিয়ে বন্ধ কৰিলে ছিপাঝাৰ জাতীয় বিদ্যালয়
ক'ভিডৰ উপস্থিতিয়ে বন্ধ কৰিলে ছিপাঝাৰ জাতীয় বিদ্যালয়

By

Published : Apr 21, 2021, 10:51 AM IST

ছিপাঝাৰ, 21 এপ্ৰিল : ছিপাঝাৰ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰী সহ মুঠ ৫ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰ পাচতে এক আতংকৰ সৃষ্টি হৈছে বিদ্যালয়খনৰ লগতে বিদ্যালয়ৰ সমীপৰ সমগ্ৰ অঞ্চলটোত ৷

ক’ভিডৰ বাবে বন্ধ হ’ল ছিপাঝাৰ জাতীয় বিদ্যালয়

জানিব পৰা মতে, ছিপাঝাৰ জাতীয় বিদ্যালয়খনৰ মইনুল হক নামৰ শিক্ষকগৰাকীয়ে ছিপাঝাৰ সামুহিক স্বাস্থ্য কেন্দ্ৰত ক'ভিড ভেকচিন ল'বলৈ গৈ ক'ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰ পাচতে বিদ্যালয়খনৰ আন সকল শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক ক'ভিড পৰীক্ষা কৰাত মুঠ 5 গৰাকীৰ দেশত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷

উল্লেখ্য যে, বিদ্যালয়খনত ক'ভিডৰ উপস্থিতি পোৱাৰ লগে লগতে ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াই তাৎক্ষণিকভাৱে ৫ দিনৰ বাবে বন্ধ কৰি দিয়ে বিদ্যালয়খন ৷ ক'ভিডত আক্ৰান্ত কেইজন বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক: বৰপেটা অসামৰিক চিকিৎসালয়ত ৯ গৰাকী ক’ভিড ৰোগী চিনাক্ত

ABOUT THE AUTHOR

...view details