দলগাঁও, 31 আগষ্ট : দৰং জিলাৰ বেছিমাৰীত পকী দলং নিৰ্মাণত অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মধুপুৰ-বৰঘুলি সংযোগী পথত থকা মৰা ধনশিৰি নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ কামত ঠিকাদাৰৰ হেমাহিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
উল্লেখযোগ্য যে, 68 নং দলগাঁও বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীয়ে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ দুৰ্দশাৰ কথা চিন্তা কৰি 28/08/2018 চনতে 1000 খন কাঠৰ দলং পকী দলংঙলৈ পৰিবৰ্তন কৰা আঁচনি 2017/18 বৰ্ষৰ অধীনত মধুপুৰ-বৰঘুলি সংযোগী পকী দলং খনৰ আধাৰশিলা স্থাপন কৰিছিল । আধাৰশিলা স্থাপন কৰাৰ পিচত ৰাইজৰ যাতায়তৰ বাবে ঠিকাদাৰ আশ্ৰব আলীয়ে এখন বাঁহৰ সাকো নিৰ্মাণ কৰি দলং খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও নিৰ্মাণ কাৰ্য একেবাৰে শামুকীয়া গতিত হোৱাৰ বাবে দুবছৰেও দলঙৰ কাম সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ ৰাইজৰ ৷