অসম

assam

মঙলদৈ প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত তোৰণ আৰু ভৱন উদ্বোধন

মঙলদৈ প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত তোৰণ আৰু আধুনিকীকৰণ ভৱন উদ্বোধন ৷ এই অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস,দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা আৰু বহু বিশিষ্ট ব্যক্তি ৷

By

Published : Oct 21, 2020, 8:29 AM IST

Published : Oct 21, 2020, 8:29 AM IST

Inauguration of Mangaldoi Press club gate and building
মঙলদৈ প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত তোৰণ আৰু ভৱন উদ্বোধন

দৰং, 21 অক্টোবৰ :ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে মঙলদৈ প্ৰেছ ক্লাৱৰ নৱ-নিৰ্মিত তোৰণ আৰু ভৱনৰ আধুনিকীকৰণ উদ্বোধন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে ৷ মঙলবাৰে দিনৰ 1:30 বজাত মঙলদৈ প্ৰেছ ক্লাৱৰ তোৰণৰ ফিটা কাটি উন্মোচন কৰাৰ পাচতে উপায়ুক্ত দিলীপ কুমাৰ বৰাই বন্তি প্ৰজ্বলন কৰে ৷

জোনাক হাজৰিকা আৰু মৈয়ত্ৰী চহৰীয়াক সম্বৰ্ধনা

এই অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাসে কয় যে, মফচলীয়া সাংবাদিকসকলে দিনটোৰ কষ্টৰ অন্তত বাতৰি প্ৰেৰণৰ বাবে এক সুস্থ পৰিৱেশ লাভ কৰিব লাগে বুলি তেওঁ ভাৱে ৷ সেয়ে মঙলদৈ প্ৰেছ ক্লাৱৰ ভৱনটো নিজৰ বিধায়ক পুঁজিৰে আধুনিকীকৰণ কৰি মঙলদৈৰ সংবাদসেৱীসকলৰ সুবিধা কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত সভাত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই কয় যে, সাংবাদিকতাৰ পথাৰখনত সকলোৱে কিমান কষ্ট কৰিব লাগে সেই কথা তেওঁ অনুধাৱন কৰিব পাৰে । বহু কষ্টৰ বলত সাংবাদিকসকলে এখন সমাজক সঠিক পথত আগুৱাই যোৱাৰ বাট দেখুৱায় ৷ তেওঁ সাংবাদিকসকলক প্ৰশাসনৰ লগত সহযোগ কৰি চৰকাৰী আঁচনিসমূহৰ সুবিধা প্ৰকৃত হিতাধিকাৰী সকলে পাইছে নে নাই তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ৷

মঙলদৈ প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত তোৰণ আৰু ভৱন উদ্বোধন

সম্পাদক মুকুট ৰাজ শৰ্মাই আঁতধৰা সভাখনত আৰক্ষী অধীক্ষক অমৃত ভূঞা, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশী, সমাজ সেৱিকা নীলিমা দেৱী, তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক শশাংক হাজৰিকা, গীতিকাৰ, সাহিত্যিক চহিৰ ভূঞা, দৰং আছুৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, শেৱালি দেৱীয়ে বক্তব্য ৰাখে ৷

উক্ত সভাতেই প্ৰেছ ক্লাৱ পৰিয়াল তথা প্ৰেছ ক্লাবৰ উপদেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকাৰ পুত্র জোনাক হাজৰিকা আৰু কন্দৰ্প চহৰীয়াৰ কন্যা মৈয়ত্ৰী চহৰীয়াক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উল্লেখ্য যে, জোনাক হাজৰিকাই CBSE ৰ অধীনত 96% নম্বৰ লাভ কৰি কৃতিত্বৰে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ আনহাতে, মৈয়ত্ৰী চহৰীয়াই 89% নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷

লগতে পঢ়ক :বঙাইগাঁৱত আধাৰশিলা স্থাপন মাল্টি মডেল লজিষ্টিকচ পাৰ্কৰ

ABOUT THE AUTHOR

...view details