দৰং , 12 জুন : মঙলদৈ চহৰৰ সোঁমাজতে থকা কৰিম চ'কস্থিত 'বিক্ৰম ফিলিং ষ্টেচন' নামৰ পেট্ৰল ডিপোটোত ভেজাল তেল বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে ৷ এই তেল ব্যৱহাৰ কৰি বহু বিলাসী গাড়ী তথা মটৰ চাইকেলৰ ইঞ্জিনত বিজুটি ঘটা বুলি জনাই স্থানীয় ৰাইজে ৷ এইক্ষেত্ৰত দৰং জিলা প্ৰশাসনৰো কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈ আহিছে ৷
মঙলদৈৰ 'বিক্ৰম ফিলিং ষ্টেচন'ত ভেজাল তেল ! - দৰং
মটৰ চাইকেল খনৰ টেংকীৰ এটা ফুটাৰে পেট্ৰল নিগৰি অহাত মটৰ চাইকেল খনৰ কিছু অংশ জ্বলি যায় ৷
বহু দিনৰ পৰাই এই ডিপোটোত ভেজাল পেট্ৰলৰ বেহা চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি , ইঞ্জিনৰ পৰা তেলৰ সলনি বগা ৰঙৰ অদ্ভুত পদাৰ্থ নিগৰি আহে ৷ তেনে সময়তে AS-13-D-1119 নম্বৰৰ মটৰ চাইকল এখনে এই পেট্ৰল ডিপোটোত তেল ভৰাই আছিল ৷ কিন্তু মটৰ চাইকেল খনৰ টেংকীৰ এটা ফুটাৰে পেট্ৰল নিগৰি অহাত , মটৰ চাইকেল খনৰ কিছু অংশ হঠাৎ জ্বলি যায় ৷
ইপিনে ৰাইজৰ অভিযোগ অনুসৰি চহৰৰ মাজমজিয়াতে অসাধু ব্যৱসায়ীয়ে এনে ভেজাল তেলৰ ব্যৱসায় চলাই আহিছে যদিও দৰং জিলা প্ৰশাসনে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনহাতে ৰাইজে ভেজাল তেল বেচা ডিপোটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ৷