দৰং,14 মে' :বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰি থকা কৰ'ণা ভাইৰাছৰ আতংকত সৰ্বসাধাৰণ ৰাইজ গৃহবন্দী হৈ থকাৰ সুযোগ গ্ৰহণ কৰি একাংশ অবৈধ চোৰাং কাঠ ব্যৱসায়ীয়ে চলাই আহিছে চোৰাং কাঠৰ বেহা।
লক্ ডাউনৰ মাজতে দৰঙত বন বিভাগৰ সফলতা - অবৈধ চোৰাং কাঠ ব্যৱসায়ী
মঙলদৈ খণ্ড বন বিষয়াৰ নেতৃত্বত বন বিভাগৰ এটা দলে জব্দ কৰে চাৰিটা কাঠৰ মিলৰ লগতে প্ৰায় পঞ্চাশ হাজাৰ টকা মূল্যৰ কাঠ ৷
![লক্ ডাউনৰ মাজতে দৰঙত বন বিভাগৰ সফলতা Illegal timber seized in Darrang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7197715-thumbnail-3x2-a.jpg)
লক্ ডাউনৰ মাজতে দৰঙৰ বন বিভাগৰ সফলতা
লক্ ডাউনৰ মাজতে দৰঙৰ বন বিভাগৰ সফলতা
শেহতীয়াকৈ দণ্ডাধীশৰ উপস্থিতিত দৰং জিলাৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ কাঠ মিলৰ চোৰাং বেহা উৎখাত কৰে মঙলদৈ খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা এটি দলে । দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত বৰঝাৰ, পানবাৰী আদি গাঁৱৰ পৰা তিনিটা কাঠৰ মিল উৎখাত কৰাৰ উপৰিও ৭২ কেপি অবৈধ কাঠ জব্দ কৰে বন বিভাগৰ দলটোৱে ৷