দলগাঁও, ৭ জুলাই : সংখ্যালঘু ছাত্ৰ বৃ্ত্তিৰ নামত ৰাজ্যজুৰি ব্যাপক কেলেংকাৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ বিশেষকৈ ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত জিলাসমূহত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামত আৱন্টিত জলপানী এটা চক্ৰই হজম কৰাৰ অভিযোগ উঠিছে ৷ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা 'প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইন'ৰিটি' আঁচনিৰ ধন প্ৰকৃত ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰা বুলি এটা গুজৱ উঠিছে ৷
ৰাজ্যত ছাত্ৰ বৃত্তিৰ ধনৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠাৰ সময়তে এইবাৰ দৰং জিলাৰ অচিনতলা হাইস্কুলত (অপ্ৰাদেশীকৃত) সংঘটিত দুৰ্নীতিয়ে কঁপাইছে সমগ্ৰ দৰং জিলা। অভিযোগ অনুসৰি প্ৰধান শিক্ষক মনোহৰ বাদশ্বাহে ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত প্ৰি-মেট্ৰিক স্কলাৰশ্বিপৰ ধন আৱন্টন কৰাই কৌশগতভাৱে সেই ধন আত্মসাতৰ কৰিছে । বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে নিজৰ ছবছৰীয়া পুত্ৰক নৱম শ্ৰেণীৰ ছাত্ৰ সজোৱাৰ লগতে অতি নিৰ্লজ্জভাবে নিজৰ পত্নীকো ভাই বোৱাৰী সজোৱাৰ উপৰিও সজালে নৱম শ্ৰেণীৰ ছাত্ৰী ।
কেৱল এইয়াই নহয়, এঢাপ আগুৱাই গৈ প্ৰধান শিক্ষকজনে নিজকে দশম শ্ৰেণীৰ ছাত্ৰ সজাই ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে ৷ পিতা দশম শ্ৰেণীৰ ছাত্ৰ হোৱাৰ বিপৰীতে ছবছৰীয়া পুত্ৰ নৱম শ্ৰেণীৰ ছাত্ৰ হিচাপে নাম তালিকাত অন্তৰ্ভুক্ত হৈছে । একেখন বিদ্যালয়তে অধ্যয়নৰত পতি-পত্নী-পুত্ৰ সকলো। আনকি, প্ৰদান শিক্ষকজনে নিজৰ ভাই-ককাই আৰু বাই-ভনীৰ নামো ছাত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিও ধন সৰকোৱাৰ অভিযোগ উঠিছে ৷