দৰং, 30 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against Drugs) ৷ বাদ পৰি ৰোৱা নাই মঙলদৈ আৰক্ষীও ৷ বৃহস্পতিবাৰে মঙলদৈ আৰক্ষীয়ে অভিযান চলাই এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে বহু পৰিমাণৰ নিসিদ্ধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় (Mangaldoi police operation against drugs) ৷
মঙলদৈ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে লাভ কৰিছিল এক বিশেষ খবৰ ৷ সেই খবৰৰ আধাৰতে খাৰুপেটীয়া বাছ আস্থানৰ পৰা এখন বগা চাৰিচকীয়া বাহনত আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে Govt of Assam লিখা AS13P 5616 নম্বৰৰ বাহনখনৰ পৰা 23 টা কফ্ চিৰাপৰ বটলৰ লগতে বহু নিচাজাতীয় টেবলেট আৰু এটা ম’বাইল ৷