অসম

assam

ETV Bharat / state

ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধে দৰঙত আৰক্ষীৰ অভিযান

দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞা আৰু উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত এটা অভিযানকাৰী দলে ভাং সৰবৰাহকাৰী বিৰুদ্ধে অভিযান চলাই ৷ এই অভিযানত জব্দ বৃহৎ হয় পৰিমাণৰ ভাং ৷

By

Published : May 20, 2019, 2:52 PM IST

চোৰাং ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধে দৰঙত আৰক্ষীৰ অভিযান

দৰং , 20 মে':দৰঙত চোৰাং ভাং সৰবৰাহকাৰী বিৰুদ্ধে সৰৱ দৰং আৰক্ষী ৷ এক গোপন সূত্ৰৰ পম খেদি দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞা আৰু উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত এটি অভিযানকাৰী দলে ভাং সৰবৰাহকাৰী বিৰুদ্ধে অভিযান চলাই ৷ এই অভিযানত আৰক্ষীয়ে এখন ইয়ন বাহনৰ পৰা 60 কিলেগ্ৰাম ভাং জব্দ কৰে ৷

চোৰাং ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধে দৰঙত আৰক্ষীৰ অভিযান

জানিব পৰা মতে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়ত, এটা চোৰাং সৰবৰাহকাৰীৰ দলে এখন ইয়ন বাহনেৰে আৰক্ষীৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল ৷ ইয়াৰ পাচতে আৰক্ষীয়ে পলায়ন কৰা বাহন খনৰ পিচে পিচে অনুসৰণ কৰি চিপাঝাৰৰ শিঙিমাৰীত AS-12K-6940 নম্বৰৰ ইয়ন বাহনখন জব্দ কৰে ৷ জব্দকৃত বাহনখনৰ পৰা আৰক্ষীয়ে 60 কিলেগ্ৰাম ভাং জব্দ কৰে ৷ অৱশ্যে গাড়ী খনত থকা সৰবৰাহকাৰী কেইজনে গাড়ীতে ম'বাইল আৰু অন্য সামগ্ৰী এৰি পলায়ন কৰে ৷

ABOUT THE AUTHOR

...view details