অসম

assam

ETV Bharat / state

পুত্ৰৰ সফলতাত চকুলোৰে বাট নেদেখা এহাল পিতৃ-মাতৃ - অসম নিউজ

আৰ্থিক দৈন্যতাৰ বাবে পিতৃ-মাতৃয়ে এখনো কিতাপ যোগান ধৰিব নোৱাৰা সাৰংগপাণিয়ে আটাইকেইটা বিষয়ত লেটাৰ সহ 90.16 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷

মেধাৰ তালিকাত উজলিল ছিপাঝাৰৰ সাৰংগপানী চহৰীয়া

By

Published : May 20, 2019, 5:35 PM IST

দৰং, 20 মে': মেধাৰ তালিকাত উজলিল ছিপাঝাৰৰ বৰমপুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ সাৰংগপাণি চহৰীয়া । আৰ্থিক দৈন্যতাৰ বাবে পিতৃ-মাতৃয়ে এখনো কিতাপ যোগান ধৰিব নোৱাৰা সাৰংগপাণিয়ে আটাইকেইটা বিষয়ত লেটাৰ সহ 90.16 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ছিপাঝাৰৰ বৰমপুৰ গাঁৱৰ সাৰংগপাণি চহৰীয়া নামৰ এই গৰাকী ছাত্ৰই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90.16 শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱাত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে ঠিকেই পিছে ছাত্ৰ জনৰ উন্নত ফলাফলত এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ ৷ কিয়নো মেধাবী ছাত্ৰ গৰাকীয়ে বিজ্ঞান শাখাত পঢ়ি অভিযন্তা হোৱাৰ সপোন দেখাৰ সময়তে চৰম আৰ্থিক দুৰৱস্থাই কোঙা কৰা দৰিদ্ৰ পৰিয়ালটিত পিতৃৰ-মাতৃ অসহায় অৱস্থা ৷ যাৰ বাবে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে মেধা ছাত্ৰ গৰাকীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে চৰকাৰ তথা সুহৃদয় ব্যক্তিক ৷

মেধাৰ তালিকাত উজলিল ছিপাঝাৰৰ সাৰংগপানী চহৰীয়া

ABOUT THE AUTHOR

...view details