দৰং,8 ডিচেম্বৰ: খাৰুপেটীয়াত এগৰাকী চল্লিশোৰ্ধৰ তিনি সন্তানৰ মাতৃক যৌতুক বিচাৰি অকথ্য নিৰ্যাতন ৷ বিয়াৰ কিছু দিনৰ পাছতে অৰ্থাৎ ৮ বছৰ পূৰ্বে মহিলা গৰাকীৰ শাহুৱেকে গাত কেৰাচিন ঢালি জ্বলাই দিব বিচৰাৰ পাছত এইবাৰ আকৌ বোৱাৰীজনীৰ দুই দেওৰেকে চলাইছে নিৰ্যাতন ৷ এই ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
খাৰুপেটীয়াত যৌতুক বিচাৰি অকথ্য নিৰ্যাতন তিনি সন্তানৰ মাতৃক - housewife tortured at assam
খাৰুপেটীয়াত যৌতুক বিচাৰি তিনি সন্তানৰ মাতৃক অকথ্য নিৰ্যাতন ৷ মহিলা গৰাকীৰ স্বামীৰ দুই ভাতৃয়ে নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
![খাৰুপেটীয়াত যৌতুক বিচাৰি অকথ্য নিৰ্যাতন তিনি সন্তানৰ মাতৃক housewife-tortured-at-kharupetia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9811883-thumbnail-3x2-nhcvs.jpg)
খাৰুপেটীয়াত যৌতুক বিচাৰি অকথ্য নিৰ্যাতন তিনি সন্তানৰ মাতৃক
খাৰুপেটীয়াত যৌতুক বিচাৰি অকথ্য নিৰ্যাতন তিনি সন্তানৰ মাতৃক
উল্লেখ্য যে, ৪২ বছৰীয়া মহিলা গৰাকীৰ স্বামীৰ দুই ভাতৃ কৈলাশ চাহানী, সঞ্জয় সাহানীসহ পৰিয়ালটোৰ কেবাজনো আত্মীয়ই মাৰপিট কৰে ৷ অতি সংকটজনক অৱস্থাত মহিলা গৰাকীক খাৰুপেটীয়াৰ আৰু পিছত মঙলদৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰিছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ধূলা থানাত এখন এজাহাৰ দিয়া হৈছে যদিও কোনো এজন অভিযুক্তক কৰায়ত্ব নকৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীৰ আত্মীয়ই ৷
লগতে পঢ়ক:কৰিমগঞ্জত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা