অসম

assam

By

Published : Mar 18, 2021, 10:39 PM IST

ETV Bharat / state

গৃহৰক্ষী জোৱানৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

অনিৰ্দিষ্টকালীন কৰ্মবিৰতিত বহি এইবাৰৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থাকিব বুলি হুংকাৰ দিছে গৃহৰক্ষী বাহিনীৰ জোৱানে ৷ বৃহস্পতিবাৰৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱানসকলে কৰ্মবিৰতি ঘোষণা কৰিছে ৷

homeguard announces indefinite strike ahead of assam poll
অনিৰ্দিষ্টকালীন কৰ্মবিৰতিত বহিল গৃহৰক্ষী বাহিনীৰ জোৱান

দৰং,17 মাৰ্চ:অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতে অনিৰ্দিষ্টকালীন কৰ্মবিৰতিত বহিল গৃহৰক্ষী বাহিনীৰ জোৱান ৷ গৃহৰক্ষী জোৱানসকলে পৰিয়ালৰ সৈতে এইবাৰৰ নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিছে ৷ বৃহস্পতিবাৰৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱান সকলে কৰ্মবিৰতি ঘোষণা কৰে ৷

মূলতঃ চাকৰি নিয়মীয়াকৰণকে ধৰি সমান কামৰ সমান মৰ্যদা বিচাৰি গৃহৰক্ষী বাহিনীৰ জোৱান সকলে অৰ্নিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিত বহাৰ সিদ্ধান্ত লয় ৷ নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত গৃহৰক্ষী জোৱানসকলে লোৱা এই সিদ্ধান্তই আগন্তুক নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মঙলদৈৰ গৃহৰক্ষী বাহিনীৰ কমাণ্ডাৰৰ কাৰ্যালয়ত দৰঙৰ গৃহৰক্ষী জোৱানসকল কৰ্মবিৰতিত বহে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মাত্ৰ 300 টকাকৈ মজুৰিত নিয়োজিত হৈ থকা গৃহৰক্ষী বাহিনীৰ জোৱানসকলে উত্থাপন কৰি অহা চাকৰি নিয়মীয়াকৰণ, দৰমহা বৰ্ধিতকৰণ আদি দাবীসমূহ চৰকাৰে মানি নোলোৱাত ক্ষুব্ধ হৈ জোৱানসকলে অনিৰ্দিষ্ট দিনলৈ এই কৰ্মবিৰতি ঘোষণা কৰে ৷

উল্লেখ্য যে, দৰঙৰ 1200 গৃহৰক্ষী জোৱানসহ অসমত মুঠ 27,000 গৃহৰক্ষী জোৱান নিয়োজিত হৈ আছে ৷ এইসকল গৃহৰক্ষী জোৱানৰ ঘৰৰ পৰিয়ালসহ প্ৰায় ডেৰ লক্ষাধিক ভোটাৰে উত্থাপন কৰি অহা দাবীসমূহ সমাধানৰ কোনো ব্যৱস্থা নহ'লে সমাগত 2021 ৰ নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব বুলিও জোৱানসকলে হুংকাৰ দিছে ৷

লগতে পঢ়ক:ছগৰাকী মুখ্যমন্ত্ৰী, শীৰ্ষ নেতাক লৈ কাইলৈ হিমন্তৰ মনোনয়ন

ABOUT THE AUTHOR

...view details