অসম

assam

By

Published : Jan 28, 2021, 9:41 PM IST

Updated : Jun 27, 2022, 3:17 PM IST

ETV Bharat / state

পথৰুঘাটৰ ৰণঃ ইতিহাসৰ পাতত ধূসৰ হোৱা এক জীয়া কাহিনী

বৃহস্পতি বাৰে দৰং জিলাৰ পথৰুঘাটত পালন কৰা হয় 127 সংখ্যক কৃষক শ্বহীদ দিৱস ৷ শ্বহীদ দিৱসত উপস্থিত থাকে শ্বদীদ সকলৰ নামত শীঘ্ৰেই "শ্বহীদ স্মৃতি ক্ষেত্ৰ"নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Historical Patharu ghat war
পথৰুঘাটৰ ৰণঃ ইতিসাৰ পাতত ধূসৰ হোৱা এক জীয়া কাহিনী

দৰং,28 জানুৱাৰী: আজি কৃষক শ্বহীদ দিৱস ৷ অসমৰ ইতিহাসৰ এক অন্যতম উল্লেখনীয় দিন হিচাপে খোদিত হৈ আছে এই কৃষক শ্বহীদ দিৱস ৷ 1894 চনৰ 28 জানুৱাৰীত ঐতিহাসিক পথৰুঘাটত বৃটিছৰ শোষণ আৰু প্ৰবঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ দৰং জিলাৰ পথৰুঘাটত শ্বহীদ হোৱা 140 জন কৃষকৰ স্মৃতিত প্ৰতিবছৰে 28 জানুৱাৰী দিনটোত পালন কৰা হয় এই কৃষক শ্বহীদ দিৱস৷ কৃষক বিদ্ৰোহ 1857 চনৰ চিপাহী বিদ্ৰোহ আৰু 1919 চনৰ পাঞ্জাৱৰ জালিৱানাবাগ হত্যাকাণ্ডৰ ঘটনাতকৈয়ো বহু গুৰুত্বপূৰ্ণ পথৰুঘাট ৰণ ৷ কিন্তু প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱৰ বাবেই ৰাষ্ট্ৰীয় পৰ্যায়ত আজি পাবলগীয়া গুৰুত্ব খিনি পোৱা নাই ঐতিহাসিক পথৰুঘাটৰ ৰণে ৷ ঘটনা অনুসৰি দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত 1894 চন 28 জানুৱাৰীত বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ বৃটিছৰ গুলীত শ্বহীদ হৈছিল সাতকুৰি নিৰস্ত্ৰ হিন্দু-মুছলিম কৃষক ৷ সেই স্থানতে একেলগে সমাধিস্থ কৰা হৈছিল সাতকুৰি হিন্দু-মুছলিমৰ শ্বহীদক ৷

পথৰুঘাটৰ ৰণঃ ইতিহাসৰ পাতত ধূসৰ হোৱা এক জীয়া কাহিনী

2017 চনত প্ৰথম বাৰৰ বাবে চৰকাৰী ভাৱে পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷ এইবৰ্ষৰ 127 সংখ্যক কৃষক শ্বহীদ দিৱসত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অনুষ্ঠানত প্ৰায় সাত কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কৃষি প্ৰশিক্ষণ কেন্দ্ৰৰ মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা,সাংসদ দীলিপ শইকীয়া,বিধায়ক গুৰুজোতি দাস ,বিনন্দ শইকীয়া,নলবাৰীৰ বিধায়ক অশোক শৰ্মা সহ বহু বিশিষ্ট ব্যক্তি ৷ সভাত উপস্থিত থাকি শ্বহীদ কৃষক সকলৰ স্মৃতিত শীঘ্ৰেই "শ্বহীদ স্মৃতি ক্ষেত্ৰ"নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়কঃটোলগেটত বাধ্যতামুলক ফাষ্টটেগ; অন্যথা দিব লাগিব দুগুণ জৰিমনা

Last Updated : Jun 27, 2022, 3:17 PM IST

ABOUT THE AUTHOR

...view details