অসম

assam

ETV Bharat / state

ৰাজপথত কোনে বিতৰণ কৰিলে হেলমেট বিতৰণ - এৰিক ডেভলপমেন্ট ছ'চাইটি

জিলা পৰিবহন বিষয়া সঞ্জীৱ কৃষ্ণই এই প্ৰসঙ্গত কয় যে, মানুহৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত পথ সুৰক্ষা আইন মানি চলাৰ ক্ষেত্ৰত গোটেই দেশ জুৰি এক জন আন্দোলন গঢ়ি তুলিব লাগিব ৷ এই ক্ষেত্ৰত এই আইনৰ বিৰুদ্ধাচৰণ কৰাতকৈ সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায় ৷

দৰঙত যান বাহন আৰক্ষীৰ উদ্যোগত হেলমেট বিতৰণ

By

Published : Sep 27, 2019, 11:17 PM IST

দৰং, 27 ছেপ্টেম্বৰঃ ২৩ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলৱৎ সংশোধিত নতুন যান-বাহন আইন ৷ নতুন যান-বাহন আইনৰ ক্ষেত্ৰত দৰঙতো কঠোৰ হৈছে যান-বাহন আৰক্ষী ৷ পথ সুৰক্ষা বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শুকুৰবাৰে জিলাখনৰ কেবাঠাইতো যান-বাহন চলোৱাৰ বাবে প্ৰয়োজনীয় বিভিন্ন কাগজ-পত্ৰ পৰীক্ষণৰ উপৰি বিভিন্ন কাৰ্যসূচী পালন কৰা হয় ৷

দৰঙত যান বাহন আৰক্ষীৰ উদ্যোগত হেলমেট বিতৰণ
উক্ত কাৰ্যসূচীত জিলা পৰিবহন বিষয়া সঞ্জীৱ কৃষ্ণ, যান-বাহন পৰিদৰ্শক পদ্মলোচন হাজৰিকা, তথা বিভাগটোৰ বিভিন্ন বিষয়া-কৰ্মচাৰী উপস্থিত থাকি পথ সুৰক্ষাৰ বাবে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলায় ৷ জিলা পৰিবহন বিষয়া সঞ্জীৱ কৃষ্ণই এই প্ৰসঙ্গত কয় যে, মানুহৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত পথ সুৰক্ষা আইন মানি চলাৰ ক্ষেত্ৰত গোটেই দেশ জুৰি এক জন আন্দোলন গঢ়ি তুলিব লাগিব ৷ এই ক্ষেত্ৰত এই আইনৰ বিৰুদ্ধাচৰণ কৰাতকৈ সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায় ৷আনহাতে, এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এৰিক ডেভলপমেন্ট ছ'চাইটিয়ে এখন বাটৰ নাট পৰিবেশন কৰাৰ উপৰি জিলা পৰিবহন বিভাগে বাইক আৰোহীসকলৰ মাজত বিনামূলীয়াকৈ কেবাটাও হেলমেট বিতৰণ কৰে ৷

ABOUT THE AUTHOR

...view details