অসম

assam

ETV Bharat / state

পুনৰ প্ৰাণ পায় উঠিছে কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগ 'ডি কে পেপাৰছ' - প্লাষ্টিক মুক্ত অভিযান

প্লাষ্টিক মুক্ত অভিযানৰ ফলত পুনৰ প্ৰাণ পায় উঠিছে হস্তনিৰ্মিত কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগসমূহ

পুনৰ প্ৰাণ পায় উঠিছে কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগ 'ডি কে পেপাৰছ'

By

Published : Oct 2, 2019, 3:24 AM IST

দৰং, 1 অক্টোৱৰ: ২ অক্টোবৰৰ পৰা প্লাষ্টিক মুক্ত হ'ব সমগ্ৰ ভাৰত । পলিথিনৰ বিকল্প হিচাবে চাহিদা বাঢ়িব কাগজৰ মোনাৰ । সেয়ে ব্যস্ততা বাঢ়িছে কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগ সমূহৰ । মঙলদৈৰ এগৰাকী যুৱক মানস কলিতাৰ প্ৰচেষ্টাত ২০০৬ চনত গড় লৈ উঠিছিল হাতে বনোৱা মোনাৰ থলুৱা উদ্যোগ 'ডি কে পেপাৰছ'ৰ । কিন্তু সমগ্ৰ বজাৰ পলিথিনে চানি ধৰাত উদ্যোগটো বন্ধ হৈ পৰিছিল । মঙলদৈ উদ্যোগিক অঞ্চলত থকা 'ডি কে পেপাৰছ নামৰ এই থলুৱা উদ্যোগটোৱে এতিয়া পুনৰ প্ৰাণ পায় উঠিছে । দিনে নিশাই এতিয়া হাতে বনোৱা মোনা বনোৱাত ব্যস্ত বহু যুৱক যুৱতী । ৰাজ্যৰ বিভিন্ন জিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰপ্তানি হৈছে মোনাৰ । লগতে এই উদ্যোগটোৰ জৰিয়তে বৰ্তমান সংস্থাপিত হৈছে বহু কেইগৰাকী যুৱক যুৱতী |

পুনৰ প্ৰাণ পায় উঠিছে কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগ 'ডি কে পেপাৰছ'

ABOUT THE AUTHOR

...view details