অসম

assam

By

Published : Aug 10, 2020, 12:10 PM IST

ETV Bharat / state

মাজবাটত আৰক্ষীৰ অভিযানত জব্দ হস্তনিৰ্মিত অস্ত্ৰ

দেওবাৰে নিশা প্ৰায় 2 বজাত মাজবাট আৰক্ষীয়ে চলোৱা এক অভিযানত,মাজবাটৰ ধনশিৰি চাহ বাগিছাৰ 10 নং বস্তি অঞ্চলৰ এগৰাকী লোকৰ বাসগৃহৰ পৰা জব্দ কৰে কেইবাটাও হস্তনিৰ্মিত অস্ত্ৰ ৷

হস্তনিৰ্মিত অস্ত্ৰ
হস্তনিৰ্মিত অস্ত্ৰ

দৰং, 10 আগষ্ট: ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাটত, মাজবাট আৰক্ষীয়ে চলোৱা এক অভিযানত কেইবাটাও হস্তনিৰ্মিত অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ দেওবাৰে নিশা প্ৰায় 2 বজাত মাজবাট আৰক্ষীয়ে ধনশিৰি চাহ বাগিছাৰ 10 নং বস্তি অঞ্চলত অভিযান চলাই অস্ত্ৰ সমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, বেঞ্জামিন মুৰ্মু নামৰ লোক এজনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে ৩ টা হস্তনিৰ্মিত বন্দুক, ৩ ডাল লোৰ পাইপ, 1 টা হাতেৰে চলোৱা বায়ু যন্ত্ৰসহ কেইবাটাও ঘাতক যন্ত্ৰ জব্দ কৰে ৷ আপত্তিজনক মাৰণাস্ত্ৰসমূহ লোকগৰাকীৰ পাকঘৰত ৰাখি থোৱা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে মাৰণাস্ত্ৰসমূহ জব্দ কৰাৰ লগতে, বেঞ্জামিন মুৰ্মুক আটক কৰে আৰু ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷

ABOUT THE AUTHOR

...view details