অসম

assam

ETV Bharat / state

World Handicap Day: দলগাঁৱৰ এটি বিশেষভাৱে সক্ষম শিশুৰ কৰুণ কাহিনী - specially abled

বিকলাংগ হৈ জন্ম হোৱা ৰছিদ ৰাব্বানীৰ আছে পঢ়াৰ প্ৰতি দুৰ্বাৰ হেঁপাহ ৷ যাৰ বাবে কোনো বাধাই ধৰি ৰাখিব পৰা নাই শিশুটিক ৷ কিন্তু আৰ্থিক দীনতাৰ বাবে পৰিয়ালৰ সামৰ্থ নাই এখন হুইল চেয়াৰ কিনি দিয়াৰ ৷ তথাপিও থমকি ৰোৱা নাই কনমাণি ৰছিদ ৷

World Handicap Day
দলগাঁৱৰ এটি বিশেষভাৱে সক্ষম শিশুৰ কৰুণ কাহিনী

By

Published : Dec 3, 2022, 10:27 PM IST

Updated : Dec 3, 2022, 10:41 PM IST

দলগাঁও, 3 ডিচেম্বৰ:আজি বিশ্ব প্ৰতিবন্ধী দিৱস(World Handicap Day) ৷ বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে দলগাঁৱৰ এটি শিশুৰ দৃশ্যই অন্তৰ চুই যাব আপোনাৰ(specially abled student) ৷ বিকলাংগ হৈও জীৱন যুদ্ধত হাৰ মানিব খোজা নাই এই শিশুটিয়ে ৷ দুই হাত আৰু দুই ভৰিৰ ভৰেৰেই এইদৰে নিতৌ বিদ্যালয়লৈ যায় শিশুটি ৷ এই শিশুটিৰ নাম ৰছি‌দ‌ ৰাব্বানী ৷

খাৰুপেটীয়াৰ নিকটৱৰ্তী খগজানী‌‌ গাঁৱৰ বাসিন্দা এই শিশুটি ৷ বিকলাংগ হৈ জন্ম হোৱা ৰছিদ ৰাব্বানীৰ আছে পঢ়াৰ প্ৰতি দুৰ্বাৰ হেঁপাহ ৷ যাৰ বাবে কোনো বাধাই ধৰি ৰাখিব পৰা নাই শিশুটিক ৷ উল্লেখ্য যে, পিতৃ-মাতৃয়ে দুবছৰ পূৰ্বে দলগাঁৱৰ ভেদামাৰী প্ৰাথমিক‌ বিদ্যালয়ত নামভৰ্তি কৰি দিছিল ৰছিদ ৰাব্বানীয়ে ৷

দলগাঁৱৰ এটি বিশেষভাৱে সক্ষম শিশুৰ কৰুণ কাহিনী

কিন্তু আৰ্থিক দীনতাৰ বাবে পৰিয়ালৰ সামৰ্থ নাই এখন হুইল চেয়াৰ কিনি দিয়াৰ ৷ তথাপিও থমকি ৰোৱা নাই কনমাণি ৰছিদ । পঢ়ি শুনি এগৰাকী ভাল মানুহ হোৱাৰ দুৰ্বাৰ হেঁপাহ থকা ‌ৰছি‌দ‌ ৰাব্বানী‌য়ে পিঠিত ‌স্কুল বেগ লৈ প্ৰায় আধা কিলোমিটাৰ বাট দুই হাত আৰু ভৰিৰ সহায়ত জপিয়াই জপিয়াই যায় বিদ্যালয়লৈ । যি দৃশ্যই অন্তৰ চুই যায় সকলোৰে ।

অতি ‌কষ্ট কৰি বিদ্যালয়লৈ যায় যদিও শ্ৰেণীকোঠাত বহা আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভীষণ অসুবিধা সন্মুখীন হয় দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ৰছি‌দ‌ ৰাব্বানী‌ । শিশুটিৰ এনে মৰ্মান্তিক দৃশ্যই ব্যথিত কৰি তুলিছে শিক্ষক সকলৰ লগতে সমনীয়া সকলকো ।

কিন্তু লক্ষ্যণীয় কথাটো হ’ল যে, আজিলৈকে কাৰো চকু নপৰিল শিশুটিৰ ওপৰত৷ চৰকাৰী সা-সুবিধাৰ পৰা আজিও উপেক্ষিত শিশুটিৰ লগতে তেওঁৰ পৰিয়াল ৷ যাৰ বাবে শিশুটিৰ ক্ষেত্ৰত কিছু ব্যৱস্থা তথা সাহায্য প্ৰদানৰ বাবে চৰকাৰক অনুৰোধ জনাইছে বিদ্যালয়খনৰ শিক্ষকসকলে ৷

কিন্তু শিশুটিৰ ক্ষেত্ৰত চৰকাৰ কিম্বা স্বেচ্ছাসেৱী সংগঠনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ? এবুকু আশা আৰু আকাশ চোৱাৰ হেপাহেৰে সেয়েহে আজিও ৰৈ আছে ৰছিদ আৰু ৰছিদৰ অভিভাৱক ৷

Last Updated : Dec 3, 2022, 10:41 PM IST

ABOUT THE AUTHOR

...view details