অসম

assam

ETV Bharat / state

দমকল মিস্ত্ৰীৰ বাসগৃহৰ দমকলত ওলাইছে হালধীয়া পানী - দমকল মিস্ত্ৰীৰ ঘৰতে দমকলৰ পানীৰ বিসংগতি

মাণিকপুৰত দমকলৰ পৰা নিৰ্গত পানীক লৈ চাঞ্চল্য সৃষ্টি ৷ দমকলৰ পৰা নিৰ্গত হৈ আছে অস্বাভাৱিক হালধীয়া পানী । অঞ্চলটোৰ ২ নং দুপুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ ৰাইজৰ মাজত উৎসুকতা ৷

hand-pump-water-comes-out-yellow
দমকলৰ মিস্ত্ৰীৰ ঘৰৰ দমকলৰ পৰাই ওলাল অস্বাভাৱিক হালধীয়া পানী

By

Published : Jun 9, 2021, 7:50 AM IST

বঙাইগাঁও,9 জুন :বঙাইগাঁও জিলাৰ মাণিকপুৰত সংঘটিত হৈছে সচৰাচৰ নঘটা এক ঘটনা । সাধাৰণতে দমকলৰ পৰা নিৰ্গত হোৱা পানীৰ সলনি নিৰ্গত হৈ আছে হালধীয়া ৰঙৰ পানী । উল্লেখ্য যে, জিলাখনৰ মাণিকপুৰৰ ২নং দুপুৰী গাঁৱৰ গোপাল সৰকাৰৰ ঘৰৰ দমকলৰ পৰা কেইবাদিনো ধৰি নিৰ্গত হৈ আছে হালধীয়া পানী । তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে, ঘৰৰ গৰাকী গোপাল সৰকাৰ পেচাত এগৰাকী দমকল মিস্ত্ৰী ।

দমকলৰ পৰা এই ৰঙৰ পানী নিৰ্গত হোৱা দেখি এতিয়া নিজেও আচৰিত হৈছে অভিজ্ঞতা সম্পন্ন মিস্ত্ৰী গৰাকী । ইফালে পানীৰ অস্বাভাৱিক ৰং দেখি গাঁৱৰ ৰাইজে এতিয়া সৰকাৰৰ ঘৰৰ পৰা বটলে বটলে পানী কঢ়িয়াইছে । পুৱাৰে পৰা মানুহৰ লানি নিছিগা সোঁত বৈছে সৰকাৰৰ ঘৰলৈ ।

দমকল মিস্ত্ৰীৰ বাসগৃহৰ দমকলত ওলাইছে হালধীয়া পানী

উল্লেখ্য যে, সচৰাচৰ আইৰণ (Iron) আৰু অক্সিজেনৰ (oxygen) ৰাসায়নিক বিক্ৰিয়া (chemical reaction) ঘটি প্ৰস্তুত হোৱা 'ৰাষ্ট'(Rust) ৰ উপস্থিতিত পানীৰ ৰং হালধীয়া হয় ৷ গাঁৱবাসীয়ে এতিয়া এই কথাৰ সলনি পানীৰ ৰং হালধীয়া হোৱা দেখি এক কথাত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈছে বুলিও একাংশই ধাৰণা কৰিছে ৷

গাঁৱৰ ৰাইজে বঙাইগাঁৱৰ জল সম্পদ বিভাগক (water resource department) বিষয়টো সন্দৰ্ভত অৱগত কৰিছে যদিও এতিয়ালৈকে পানী পৰীক্ষাৰ কোনো ব্যৱস্থা কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক :আগষ্টত অনুষ্ঠিত হ’ব পাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

ABOUT THE AUTHOR

...view details